২৬ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট মেচৰ পূৰ্বে (Before The Test Match) দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ উভতি আহিছে (Returning home from South Africa) বিৰাট কোহলী (Virat Kohli)। তেওঁ পাৰিবাৰিক কাৰণত বোৰ্ডৰ অনুমতি লৈ দেশলৈ উভতি অহা বুলি জানিব পৰা গৈছে। কিন্তু তেওঁ প্ৰথম টেষ্টত খেলিব পাৰিবনে নাই এতিয়া তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।
সূত্ৰ অনুসৰি, বিৰাট তিনিদিন পূৰ্বেই মুম্বাইলৈ উভতি আহিছে। তেওঁ বোৰ্ডৰ অনুমতিত তিনিদিনীয়া অনুশীলন মেচতো অংশগ্ৰহণ কৰা নাছিল। কোহলী জৰুৰী ভিত্তিত দেশলৈ উভতি আহিছে।
অৱশ্যে তেওঁ কিয় ঘূৰি আহিবলগা হৈছে সেয়া স্পষ্ট হোৱা নাই। বোৰ্ডৰ মতে, প্ৰথম টেষ্টৰ পূৰ্বে কোহলী দক্ষিণ আফ্ৰিকালৈ যাব (Kohli to travel to South Africa ahead of the first Test)। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্ট ২৬ ডিচেম্বৰত আৰম্ভ হ’ব। জানিব পৰা মতে, কোহলীয়ে মেচখনত অংশগ্ৰহণ কৰিব।উল্লেখ্য যে বিগত কেইমাহমানধৰি বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱা বুলি জল্পনা-কল্পনা চলি আছে।
এইটোও শুনা গৈছিল যে বিৰুষ্কাই বিশ্বকাপৰ পিছত সামাজিক মাধ্যমত এটা আনুষ্ঠানিক ঘোষণা কৰিব। কিন্তু সেয়া হোৱা নাছিল। ভাৰতে বিশ্বকাপত পৰাজিত হোৱাৰ পিছত কোহলীকো তেনেদৰে দেখা যোৱা নাই। তেওঁ ক্ৰিকেটৰ পৰাও আঁতৰি আছিল। অৱশ্যে ১৯ ডিচেম্বৰত অনুষ্কাই তেওঁৰ ছ’চিয়েল মিডিয়া পেজত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টো চাই অনুৰাগীয়ো ভাবে যে নায়িকাগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ অনুমানত ছীল-মোহৰ মাৰিছে। অৱশ্যে সেই কাৰণেই কোহলী দেশলৈ উভতি আহিছে নেকি সেইটো জানিব পৰা হোৱা নাই।