যশস্বী জয়ছোৱালে (Yashasvi Jaiswal) শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে (Against England) দ্বিশতক অৰ্জন (Scored a double century) কৰি তৃতীয় সৰ্বকনিষ্ঠ ভাৰতীয় (Third youngest Indian) হিচাপে অভিলেখ সৃষ্টি কৰে। তেওঁৰ সন্মুখত আছে বিনোদ কাম্বলী আৰু সুনীল গাভাস্কাৰ। বিনোদ কাম্বলী হৈছে টেষ্টত দ্বিশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয়।
যশস্বীয়ে ২২ বছৰ আৰু ৩৭ দিন বয়সত টেষ্টত (Cricket Test Match) দ্বিশতক অৰ্জন কৰে। কাম্বলীয়ে ২১ বছৰ আৰু ৩২ দিন বয়সত দ্বিশতক অৰ্জন কৰিছিল। কাম্বলীয়ে ১৯৯৩ চনত ৱানখেড়েত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰিছিল। আনহাতে, গাভাস্কাৰে ২১ বছৰ আৰু ২৭৭ দিনত দ্বিশতক অৰ্জন কৰিছিল। গাভাস্কাৰে ১৯৭১ চনত পোৰ্ট অব স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰিছিল। এই দুটা ৰেকৰ্ড এতিয়াও অক্ষুণ্ণ আছে।
উল্লেখযোগ্য যে পাকিস্তানৰ জাভেদ মিয়াঁদাদ হৈছে বিশ্ব ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ। তেওঁ ১৯৭৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ আৰু ১৪০ দিন।
যশস্বীয়ে শনিবাৰে ২৭৭ টা বলত ২০০ ৰাণ সংগ্ৰহ কৰে। টেষ্টত দ্বিশতক অৰ্জন কৰা গৌতম গম্ভীৰৰ পিছত তেওঁ প্ৰথম ভাৰতীয় বাওঁহাতৰ বেটছমেন হয়। গম্ভীৰে ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০৬ ৰাণ কৰিছিল। যশস্বীয়ে ২০৯ ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে কাম্বলী আৰু গম্ভীৰে দুবাৰকৈ দ্বিশতকৰ মাইলফলক অতিক্ৰম কৰিছে। সৌৰভ গাংগুলীৰো দ্বিশতক আছে। এই তিনিজন বাওঁহাতৰ বেটছমেনৰ পিছত যশস্বীয়ে চতুৰ্থ ভাৰতীয় হিচাপে দ্বিশতক অৰ্জন কৰে।