
লোকসভা নিৰ্বাচনৰ মাজতে শুকুৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ে (Supreme Court) সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভিভিপেটৰ কাগজেৰে ইভিএমৰ ফলাফল পৰীক্ষা কৰিবলৈ কৰা আবেদন নাকচ কৰে। আনহাতে, বিয়লি বিহাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁৰ লগতে মন্তব্য, “ইভিএমক লৈ বিৰোধীয়ে ইমান দিনে কান্দি আছিল। উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ মুখত চৰ মাৰিলে। তেওঁলোকে ক্ষমা খোজা উচিত।”

উল্লেখযোগ্য যে ভিভিপেট ব্যৱস্থাৰ জৰিয়তে ইলেক্ট্ৰনিক ভোটিং মেচিনত (ইভিএম) লাভ কৰা ভোটিং ফলাফলৰ পুনৰ পৰীক্ষণৰ (ক্ৰছ ভেৰিফিকেচন) বাবে উচ্চতম ন্যায়ালয়ত শ শ আবেদন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল বিভিন্ন নিৰ্বাচন নিৰীক্ষণ কৰা এনজিঅ’ৰ লগতে বিৰোধী দল। শুকুৰবাৰে বিহাৰৰ আৰৰিয়াত বিজেপিৰ সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “সমগ্ৰ বিশ্বই আমাৰ গণতন্ত্ৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ শলাগ লয়। কিন্তু বিৰোধীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱস্থাটোক বদনাম কৰিছে।”
উল্লেখ্য, ভোটাৰে ভিভিপেট শ্লিপৰ জৰিয়তে পছন্দৰ প্ৰাৰ্থীজনক ইভিএমত ভোটদান কৰা হৈছেনে নাই সেইটো নিৰীক্ষণ কৰাৰ সুযোগ পায়। কিন্তু প্ৰতিটো বুথত কম বেছি পৰিমাণে ২০০টা ভিভিপেট মেচিন থাকিলেও পাঁচটাতকৈ বেছি গণনা কৰা নহয়।
উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তা নিজাম পাছাই কয় যে ভোটাৰক ভিভিপেটৰ শ্লিপ সংগ্ৰহ কৰি বেলট বাকচত পেলাবলৈ সুযোগ দিয়া উচিত। প্ৰৱঞ্চনাৰ সম্ভাৱনা ৰোধ কৰিবলৈ প্ৰতিটো ভিভিপেট শ্লিপ গণনা কৰা উচিত।’ আবেদনকাৰীৰ আন এজন অধিবক্তা প্ৰশান্ত ভূষনে শুনানিৰ সময়ত কয় যে ইউৰোপৰ বেছিভাগ দেশেই ইভিএমৰ পৰিৱৰ্তে বেলটৰ দ্বাৰা ভোটদান আৰম্ভ কৰিছে। সেয়ে ভাৰততো বেলট ব্যৱস্থা ঘূৰাই দিয়া হ’ব পাৰে বা ভিভিপেটৰ শ্লিপ ভোটাৰক গতাই দিয়া হ’ব পাৰে। সেয়া বেলট বাকচত জমা দিব।
কিন্তু ন্যায়াধীশ খান্নাই প্ৰশ্ন উত্থাপন কৰে যে এই ব্যৱস্থাই ভোটাৰৰ নিজৰ পছন্দ গোপনে ৰখাৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবনে? শুকুৰবাৰে গোচৰটোৰ ৰায়দান কৰি ন্যায়াধীশগৰাকীয়ে কয়, “অন্ধবিশ্বাসে অযুক্তিকৰ সন্দেহৰ সৃষ্টি কৰিব পাৰে।” উচ্চতম ন্যায়ালয়ৰ মন্তব্য ব্যৱহাৰ কৰি লোকসভা নিৰ্বাচনৰ মাজতে মোডীয়ে বিৰোধীক লক্ষ্য কৰি লয়।













