মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী। শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ২০২৪ বৰ্ষৰ আইপিএল (IPL-2024)। প্ৰথম মেচত অংশগ্ৰহণ কৰিব যোৱাবাৰৰ চেম্পিয়ন চেন্নাই আৰু বাংগালোৰে। কিন্তু আইপিএল আৰম্ভণিৰ পূৰ্বেই সলনি হ’ল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক (Chennai Super Kings captain replaces)। নতুন অধিনায়কৰ নাম ঘোষণা কৰিলে চেন্নায়ে। মহেন্দ্র সিং ধোনি (Mahendra Singh Dhoni) এইবাৰ পুনৰ অধিনায়ক হিচাপে নাথাকে। চেন্নাইৰ নতুন অধিনায়ক হৈছে তৰুণ ক্ৰিকেটাৰ ৰুতুৰাজ গায়কোয়াড়। আইপিএল আৰম্ভণিৰ ২৪ ঘণ্টা পূৰ্বে এই ঘোষণা কৰা হৈছে। আজি চেন্নাইত অনুষ্ঠিত অধিনায়কসকলৰ ফটোশুটত ধোনিৰ সলনি দেখা যায় ৰুতুৰাজক।
উল্লেখযোগ্য যেআইপিএলত যে ধোনিয়ে আৰু বেছি দিন অধিনায়কত্ব কৰিব নিবিচাৰে, সেয়া বহু দিন পূৰ্বেই পৰিষ্কাৰ হৈছিল। কিন্তু তেওঁৰ উত্তৰসূৰী কোন হ’ব পাৰে, তাক লৈ জল্পনা চলিছিল। তাত সকলোতকৈ আগত আছিল ৰুতুৰাজৰ নাম। ২৭ বছৰীয়া ৰুতুৰাজে দীর্ঘ দিন অধিনায়কত্ব কৰিব পৰিব। তাৰ উপৰি ঘৰুৱা ক্রিকেটত নেতৃত্ব দিয়াৰো অভিজ্ঞতা থকাত তেওঁকেই আগত ৰখা হৈছিল। আনহাতে, এচিয়ান গেমছত ৰাষ্ট্ৰীয় দলকো তেওঁ নেতৃত্ব দিছিল। এই কথাবোৰ মনত ৰাখি অৱশেষত ৰুতুৰাজকেই অধিনায়ক নিৰ্বাচন কৰা হয়।