
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য (Fuel price hike)। দুয়োবিধ ইন্ধনৰে মূল্য প্ৰতি লিটাৰত গড়ে তিনি টকাকৈ বৃদ্ধি পাইছে। শুকুৰবাৰৰ পৰা ক্ৰেতাই এই বৰ্ধিত মূল্যত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিব লাগিব।

দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য পূৰ্বতে আছিল ৯৪ টাকা ৭৭ পইচা। এতিয়া তিনি টকা বৃদ্ধিৰে ৯৭ টকা ৭৭ পইচালৈ বৃদ্ধি পাইছে। একেদৰে ৰাজধানীত এক লিটাৰ ডিজেলৰ মূল্য ৮৭.৬০ৰ পৰা ৯০.৬৭ টকা হৈছে।
কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৩ টকা ২৯ পইচা বৃদ্ধি পাই ১০৮ টকা ৭৪ পইচা হৈছে। মুম্বাই আৰু চেন্নাইত ক্ৰমে ১০৬ টকা ৬৮ পইচা আৰু ১০৩ টকা ৬৭ পইচা। কলকাতাত ডিজেলৰ মূল্য ৩ টকা ১১ পইচা বৃদ্ধি পাই ৯৫ টকা ১৩ পইচা হৈছে। মুম্বাইত ৯৩ টকা ১৪ পইচা, চেন্নাইত বৃদ্ধি পোৱা মূল্য ৯৫ টকা ২৫ পইচা।
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ চিএনজিৰ মূল্যও বৃদ্ধি পাইছে। বৃহস্পতিবাৰলৈকে দিল্লীত প্ৰতি কেজি চিএনজিৰ মূল্য আছিল ৮৫ টকা। বৰ্তমান ই ৮৭ টকালৈ বৃদ্ধি পাইছে। উল্লেখ্য যে অসমকে ধৰি চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে তেলৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰা হয়।
পশ্চিম এছিয়াৰ উত্তেজনাৰ মাজতে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাৰ্তা দিছে। পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, খোৱা তেল, সোণ, তাম, ৰাসায়নিক সাৰ এই সামগ্ৰীসমূহৰ এক বৃহৎ অংশ বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ইয়াৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত হেঁচা পৰিছে।
পশ্চিম এছিয়াৰ অশান্তিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে এই সামগ্ৰীসমূহ সংযমেৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছিল। তাৰ কেইদিনমানৰ ভিতৰতে বৃদ্ধি পায় পেট্ৰ’ল-ডিজেলৰ মূল্য। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবে তেলৰ যোগান ব্যাহত হৈছে। খাৰুৱা তেলৰ মূল্যও বৃদ্ধি পাইছে।
এনে পৰিস্থিতিত ইন্ধনৰ মূল্যবৃদ্ধিৰ উৰাবাতৰি ওলাইছিল। তেল কোম্পানীসমূহেও মূল্যবৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল।
পশ্চিম এছিয়াত অশান্তিৰ মাজতো বিগত ১১ মাহত দেশত পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। কিন্তু তেল আমদানি আৰু নিষ্কাশনৰ খৰচ ক্ৰমান্বয়ে বাঢ়ি আহিছে।
এনে পৰিস্থিতিত চৰকাৰী তেল কোম্পানীসমূহে লোকচানৰ পৰা হাত সাৰিবলৈ তেলৰ মূল্য বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা তেলৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। ২০২৪ চনৰ মাৰ্চ মাহত লোকসভা নিৰ্বাচনৰ পূৰ্বে তেলৰ মূল্য প্ৰতি লিটাৰত ২ টকা হ্ৰাস কৰা হৈছিল।











