ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

Staff Reporter by Staff Reporter
May 14, 2026
Reading Time: 1 min read
A A
0
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

দিল্লীত পুনৰ বাছৰ ভিতৰত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ (Delhi Rape) অভিযোগ উত্থাপিত হৈছে। ১৪ বছৰ পূৰ্বে ২০১২ চনত দিল্লীত বাছৰ ভিতৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। পিছত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।

Delhi rape case ।
দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা:

ইয়াকে লৈ সংগ্ৰ দেশতেই চাঞ্চল্যৰ সৃষ্টি হয়। এইবাৰ সেই ঘটনাৰ স্মৃতি সোঁৱৰাই দিল্লীৰ বাছত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে বাছচালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিগত বাছত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাত ব্যৱহৃত বাছখনো জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

সংবাদ সংস্থা এএনআইৰ মতে, দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ঘটনাৰ সৈতে জড়িত সকলো সম্ভাৱ্য দিশৰ তদন্ত চলি আছে। ধৃত লোক দুজনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই। অৱশ্যে ধৃত লোককেইজন বাছখনৰ চালক আৰু কণ্ডাক্টৰ বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে দুদিন পূৰ্বে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, যোৱা ১২ মে’ত এখন শ্লীপাৰ বাছত সংঘটিত হোৱা এই ঘটনাৰ অভিযোগ। ইতিমধ্যে এই ঘটনাত মহিলাগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে। দুজন লোকক আটক কৰাৰ লগতে বাছখনো জব্দ কৰা হৈছে। অৱশ্যে তদন্তকাৰীয়ে এই সন্দৰ্ভত সম্প্ৰতি বিতংভাৱে কোনো মন্তব্য কৰা নাই।

দিল্লীৰ এই ঘটনাই ২০১২ চনৰ ১৬ ডিচেম্বৰৰ ১৪ বছৰ আগৰ ঘটনাটোৰ কথা মনত পেলাই দিয়ে। ২৩ বছৰীয়া পেৰামেডিকেল ছাত্ৰী এগৰাকী বন্ধুৰ সৈতে চিনেমা চাই উভতি আহিছিল। দক্ষিণ দিল্লীৰ মুনিৰ্কাৰ পৰা বাছত উঠিছিল। সেই বাছখনত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অভিযুক্তৰ ভিতৰত এজন নাবালক আছিল।

উক্ত ঘটনাত সমগ্ৰ দেশতে প্ৰতিবাদ আৰু বিক্ষোভ আৰম্ভ হৈছিল। ঘটনাটোৱে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰকো জোকাৰি গৈছিল। প্ৰতিবাদ আৰু বিক্ষোভৰ সন্মুখত কেন্দ্ৰই মহিলা সুৰক্ষা আৰু সবলীকৰণৰ বাবে এক বিশেষ পুঁজি সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: দলবদ্ধ ধৰ্ষণৰ বলি মহিলা;দিল্লীত পুনৰ বাছৰ ভিতৰতদুই অভিযুক্তক গ্ৰেপ্তাৰবাছ জব্দ
Share4Tweet3Send

Related Posts

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

by Staff Reporter
May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

by Staff Reporter
May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

by Staff Reporter
May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

by Staff Reporter
May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

by Staff Reporter
May 14, 2026
50
‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে
National-International

‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx