ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2026
Reading Time: 2 mins read
A A
0
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

টি-২০ বিশ্বকাপ (t-20 world cup)ৰ দ্বিতীয়খন ছেমি ফাইনেল (Semi Final)ত কেইবাটাও নজিৰ গঢ়ি উঠে। বৃহস্পতিবাৰৰ কঠিন যুঁজৰ মেচখনত ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে বাউণ্ডেৰীৰ ঠিক বাহিৰলৈ ৭৩ বাৰ বল প্ৰেৰণ কৰে। ৱাংখেড়ে ষ্টেডিয়ামত মুঠ ১৯টা অভিলেখ স্থাপন হয়। তাৰে ভিতৰত কিছু লজ্জাজনক অভিলেখো আছে।

১) সৰ্বাধিক ৰাণ সংগ্ৰহ :

ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে বৃহস্পতিবাৰে ৪৯৯ ৰান সংগ্ৰহ কৰে। দুই দেশৰ টি-২০ মেচত এতিয়ালৈকে এইটোৱেই হৈছে সৰ্বাধিক ৰাণ।

২) নকআউটত সৰ্বাধিক ৰাণ :

বৃহস্পতিবাৰে ভাৰতীয় দলটোৱে ৭ উইকেটত ২৫৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডৰ ইনিংছ শেষ হয় ৭ উইকেটত ২৪৬ ৰাণত। ইয়াৰ পূৰ্বে কোনো দলে টি-২০ ক্ৰিকেট নকআউট মেচত ইমান ৰাণ সংগ্ৰহ কৰা নাই। এই তালিকাত ভাৰতৰ ২৫৩ ৰাণে শীৰ্ষস্থান দখল কৰে। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ ২৪৬ ৰাণ। ইয়াৰ পূৰ্বৰ অভিলেখ ইটালীৰ হাতত আছিল। ২০২৪ চনত ৰোমানিয়াৰ বিৰুদ্ধে নকআউট মেচত ৪ উইকেটত ২৪৪ ৰাণ সংগ্ৰহ কৰিছিল ইটালীয়ে।

৩) বিশ্বকাপৰ নকআউট মেচত সৰ্বাধিক ৰাণ :

ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে টি-২০ বিশ্বকাপৰ নকআউট মেচত ২০০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ হৈছে। ২০১২ চনত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪ উইকেটত ২০৫ ৰাণ সংগ্ৰহ কৰিছিল। ভাৰত আৰু ইংলেণ্ডে বৃহস্পতিবাৰে সেই কেৰিবিয়ানৰ অভিলেখ ভংগ কৰে।

sp1 | ASSAM TIMES POST

৪) ৬বাৰ ২৫০ :

ভাৰতীয় দলটোৱে টি-২০ ক্ৰিকেটত ৬বাৰকৈ ২৫০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে। বিশ্বৰ আন কোনো দলে ২০ অভাৰৰ মেচত ইমানবাৰ ২৫০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰিব পৰা নাই। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অভিলেখ ভংগ কৰিলে সূৰ্যকুমাৰ যাদৱে। আইপিএলৰ দলটোৱে পাঁচবাৰকৈ ২৫০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে।

৫) ভাৰতৰ ফাইনেলৰ অভিলেখ :

ইয়াৰ লগে লগে ভাৰতে চাৰিবাৰকৈ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ২০০৭, ২০১৪, ২০২৪ আৰু ২০২৬ চনত। বিশ্বৰ আন কোনো দলে চাৰিবাৰকৈ টি-২০ বিশ্বকাপৰ ফাইনেল খেলা নাই। শ্ৰীলংকা, পাকিস্তান আৰু ইংলেণ্ডে তিনিবাৰকৈ ফাইনেল খেলিছে ।

৬) প্ৰথম দল ভাৰত :

প্ৰথম দলটো হৈছে ভাৰত, যিয়ে পূৰ্বৰ চেম্পিয়ন হিচাপে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেৰাহে দুখনকৈ বিশ্বকাপৰ ফাইনেল খেলা তৃতীয়টো দল হ’ব ভাৰত। পাকিস্তান (২০০৭ আৰু ২০০৯) আৰু শ্ৰীলংকাৰ (২০১২ আৰু ২০১৪) আছে এই নজিৰ।

৭) ১৫ বাৰ ফাইনেলত ভাৰত :

ইয়াৰ লগে লগে ভাৰতে ১৫ সংখ্যক বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) প্ৰতিযোগিতাৰ ফাইনেলত খেলিব। ইমানবাৰ ফাইনেলত প্ৰৱেশ কৰা নাই আন কোনো দল। বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি শীৰ্ষত আছে একমাত্ৰ ভাৰত। অষ্ট্ৰেলিয়াই ১৪ বাৰ আইচিচি প্ৰতিযোগিতাৰ ফাইনেলত খেলিছে।

৮) আন্তঃৰাষ্ট্ৰীয় টি-২০ত দ্বিতীয় সৰ্বাধিক ৰাণ :

আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত। ২০২৩ চনত দুয়োটা দলৰ মাজত এখন মেচত ৫১৭ ৰাণ সংগ্ৰহ কৰিছিল। ভাৰত-ইংলেণ্ডৰ খেলখনত ৪৯৯ ৰাণ সংগ্ৰহ কৰি এই তালিকাত দ্বিতীয় স্থান লাভ কৰে।

৯) টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ :

এই সংখ্যক ৰাণ আগতে কেতিয়াও টি-২০ বিশ্বকাপৰ কোনো মেচত কৰা হোৱা নাছিল। পূৰ্বৰ সৰ্বাধিক ৰাণ কৰা মেচখনত প্ৰতিদ্বন্দ্বী দুটা আছিল ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। ২০১৬ চনৰ বিশ্বকাপত ৱাংখেড়ে ষ্টেডিয়ামত দুয়োটা দলে ৪৫৯ ৰাণ সংগ্ৰহ কৰিছিল।

১০) জেকব বেথেলৰ নজিৰ :

ভাৰতৰ বিৰুদ্ধে ১০৫ ৰাণৰ ইনিংছ খেলিও বেথেলে ইংলেণ্ডক জিকাব নোৱাৰিলে। অৱশ্যে তেওঁ এটা অভিলেখ সৃষ্টি কৰিলে। টি-২০ বিশ্বকাপৰ নকআউট মেচত এইটোৱেই হৈছে সৰ্বাধিক ব্যক্তিগত ৰাণ। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল নিউজীলেণ্ডৰ ফিন এলেনৰ নামত। নিউজীলেণ্ডৰ এই বেটছমেনগৰাকীয়ে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০০ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল।

sp3 | ASSAM TIMES POST

১১) তৃতীয় কনিষ্ঠতম বেথেল :

ক্ৰিকেটৰ তিনিটা ৰূপত শতক অৰ্জন কৰা বেথেলে বিশ্বৰ তৃতীয় কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। বৃহস্পতিবাৰে তেওঁৰ বয়স আছিল ২২ বছৰ ১৩৩ দিন। তালিকাৰ শীৰ্ষত আছে ব্রায়ান বেনেট। তেওঁ ২১ বছৰ ৩২৪ দিন বয়সত তিনিটা ৰূপত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰে। দ্বিতীয় স্থানত আছে আহমেদ শ্বেহজাদ। ২২ বছৰ ১২৭ দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল।

১২) দ্বিতীয় দ্ৰুততম বেথেল :

ভাৰতৰ বিৰুদ্ধে বেথেলে ৪৬টা বলত শতক সম্পূৰ্ণ কৰে। ইংলেণ্ডৰ যুৱ বেটছমেনগৰাকীয়ে টি-২০ বিশ্বকাপত দ্বিতীয় দ্ৰুততম শতক অৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আটাইতকৈ দ্ৰুতগতিত যোৱা বুধবাৰে ইডেন গাৰ্ডেনছত এলেনে ৩৩ বলত শতক অৰ্জন কৰিছিল।

১৩) আটাইতকৈ দ্ৰুততম বেথেল :

বৃহস্পতিবাৰে বেথেলে ১৯টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। তেওঁ এইবাৰৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জেক উইলছক অতিক্ৰম কৰিছে তেওঁ। ইটালীৰ বিৰুদ্ধে ২১ নং বলত উইলছৰ অৰ্ধশতক আছিল।

sp4 | ASSAM TIMES POST

১৪) সঞ্জু ছেমচনৰ অভিলেখ :

ইংলেণ্ডৰ বিৰুদ্ধে ৮৯ ৰানৰ ইনিংছ খেলি বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ কৰিছে সঞ্জুৱে। টি-২০ বিশ্বকাপৰ নকআউট মেচত ভাৰতীয় ক্ৰিকেটাৰৰ সৰ্বাধিক ৰান ইনিংছৰ অভিলেখ স্পৰ্শ কৰে। ২০১৬ চনৰ ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোহলীয়েও ৮৯ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল এই ৱাংখেড়েতে।

১৫) ছয়ৰ অভিলেখ :

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেটাৰে ১৯টা ছয় কোবায়। ভাৰতে টি-২০ বিশ্বকাপৰ এখন খেলত এটা দলে সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ স্পৰ্শ কৰিছে। ২০১৪ চনৰ বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে নেদাৰলেণ্ড আৰু এইবাৰ ৱেষ্ট ইণ্ডিজেও ১৯টাকৈ ছয় কোবায়।

১৬) জোফ্ৰা আৰ্চাৰৰ লজ্জাজনক অভিলেখ :

ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে আৰ্চাৰৰ বলত ৭টা ছয় কোবায়। টি-২০ বিশ্বকাপৰ খেলত এজন বলাৰৰ এইটোৱেই সৰ্বাধিক ছয়। ২০০৭ চনত ভাৰতৰ বিৰুদ্ধে ষ্টুৱাৰ্ট ব্ৰডে ৭টা ছয় আৰু ২০১২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জেভিয়াৰ ড’হাৰ্টিয়ে ৭টা ছয় কোবাইছিল।

sp2 | ASSAM TIMES POST

১৭) বৰুণ চক্ৰৱৰ্তীৰ লজ্জাজনক নজিৰ :

ইংলেণ্ডৰ বিৰুদ্ধে বৰুণে ৪ অভাৰত ৬৪ ৰান দিয়ে। টি-২০ ইণ্টাৰনেচনেলত ভাৰতীয় বলাৰৰ এই ৰান সৰ্বাধিক ৰান।

১৮) সৰ্বাধিক বাউণ্ডেৰী :

ভাৰত-ইংলেণ্ডৰ মেচখনত ৭৩টা চাৰি বা ছয় আছিল। টি-২০ বিশ্বকাপৰ কোনো এখন মেচতে ইমান সংখ্যক বাউণ্ডেৰী হোৱা নাই। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ই তৃতীয় সৰ্বাধিক। বৃহস্পতিবাৰৰ মেচখনত চাৰি বা ছয়ৰ পৰা ৩৬০ ৰান সংগ্ৰহ কৰা হয়। ৪০ অভাৰৰ ভিতৰত মাত্ৰ চাৰিটা অভাৰতহে চাৰি-ছয় নাছিল।

১৯) ভাৰতৰ ছয়ৰ অভিলেখ :

ভাৰতীয় ক্ৰিকেটাৰসকলে এইবাৰৰ টি-২০ বিশ্বকাপত এতিয়ালৈকে ৮৮টা ছয় কোবাইছে। কোনো টি-২০ টুৰ্ণামেণ্ট বা ছিৰিজত ইমান ছয় কোবোৱা নাই আন কোনো দলে। বুলগেৰিয়াৰ বিশ্ব অভিলেখ ভংগ কৰিলে সূৰ্যকুমাৰৰ দলটোৱে। ২০২৫ চনত বুলগেৰিয়াই তিনিদেশীয় শৃংখলাত ৭৮টা ছয় মাৰিছিল। ভাৰতীয় দলটোৱে ফাইনেলত এই নতুন বিশ্ব অভিলেখ আৰু অধিক উন্নত কৰাৰ সুযোগ লাভ কৰিব।

Tags: T20WorldCup2026
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx