প্ৰকাশ পালে আগন্তুক টি-২০ বিশ্বকাপৰ সূচী (T20 World Cup Schedule)। চলিত বৰ্ষৰ জুন মাহত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ৯ জুনত নিউয়ৰ্কত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। দুয়োটা দল গ্ৰুপ এত আছে। উক্ত গ্ৰুপৰ বাকী তিনিটা দল হ’ল আমেৰিকা, কানাডা আৰু আয়াৰলেণ্ড। ১ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। আনহাতে, ২৯ জুনত ফাইনেল।
টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ভাৰতে মুঠ চাৰিখন মেচ খেলিব। প্ৰথমখন মেচ আয়াৰলেণ্ডৰ বিৰুদ্ধে। ৫ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ’ব এই মেচখন। চাৰিদিন পিছত ৯ জুনত নিউয়ৰ্কত পাকিস্তানৰ বিৰুদ্ধে খেলিব। ভাৰতৰ তৃতীয়খন মেচ আয়োজক ৰাষ্ট্ৰ ইউএছএৰ বিৰুদ্ধে। ১২ জুনত অনুষ্ঠিত হ’ব মেচখন। নিউয়ৰ্কত তৃতীয়খন মেচ খেলিব ভাৰতে। গ্ৰুপৰ অন্তিমখন মেচত কানাডা বনাম ভাৰত। মেচখন খেলিবলৈ ভাৰতীয় দলটো ফ্ল’ৰিডালৈ যাব।
ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ চাৰিওখন মেচ আমেৰিকাত অনুষ্ঠিত হ’ব। গ্ৰুপ এৰ প্ৰতিটো দলে আমেৰিকাত খেলিব। গ্ৰুপ বি আৰু গ্ৰুপ চিৰ দলসমূহে ৱেষ্ট ইণ্ডিজত খেলিব। একমাত্ৰ গ্ৰুপ ডিত থকাসকলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত খেলিব। অৰ্থাৎ গ্ৰুপ পৰ্যায়ৰ পৰা যদি ভাৰতে ছুপাৰ ৮ত প্ৰৱেশ কৰে তেন্তে ৱেষ্ট ইণ্ডিজত খেলিবলৈ যাব লাগিব। ২০ জুনত বাৰ্বাডোজত ভাৰতৰ প্ৰথমখন মেচ হ’ব পাৰে। ২৯ জুনত বাৰ্বাডোজত ফাইনেল। এই বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। এই দলসমূহ চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পাঁচটা দল থাকিব। শীৰ্ষ দুটা দলে ছুপাৰ ৮লৈ আগবাঢ়িব। এই মেচসমূহ আমেৰিকাৰ ফ্ল’ৰিডা, ডালাছ আৰু নিউয়ৰ্কত অনুষ্ঠিত হ’ব। আনহাতে, ৱেষ্ট ইণ্ডিজত ছটা স্থানত মেচ হʼব।
১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। প্ৰথমখন মেচত খেলিব আমেৰিকা আৰু কানাডাই। মেচখন অনুষ্ঠিত হ’ব ডালাছত। পিছদিনা পাপুৱা নিউগিনিৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। যোৱাবাৰ বিশ্বকাপ জয় কৰা ইংলেণ্ডে অহা ৪ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। অন্তিম ৰানাৰ্ছ আপ পাকিস্তানে ৬ জুনত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব।
আন উল্লেখযোগ্য মেচসমূহৰ ভিতৰত আছে দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা (৩ জুন), ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া (৮ জুন), ৱেষ্ট ইণ্ডিজ বনাম নিউজিলেণ্ড (১২ জুন)।
প্ৰথমবাৰৰ বাবে বিশ্বকাপত অভিষেক ঘটোৱা উগাণ্ডাই আফগানিস্তানৰ বিৰুদ্ধে (৩ জুন) প্ৰথমখন মেচ খেলিব।
উল্লেখযোগ্য যে ২০০৭ চনত ভাৰতে প্ৰথম টি-২০ বিশ্বকাপ জয় কৰিছিল। তাৰ পিছত এই ট্ৰফী জয় তেওঁলোকৰ বাবে আধৰুৱা হৈয়েই আছে। ২০১৬ আৰু ২০২২ চনত ছেমি ফাইনেল আৰু ২০১৪ চনত ফাইনেলত পৰাস্ত হয়। বিগত ১০ বছৰত ভাৰতৰ বাবে আইচিচিৰ ট্ৰফী আধৰুৱা হৈ আছে। ভাৰতে এইবাৰ আকাংক্ষিত ট্ৰফী জয় কৰিব বিচাৰিব।
দল আৰু গ্ৰুপসমূহ
গ্ৰুপ এ : ভাৰত, পাকিস্তান, আয়াৰলেণ্ড, কানাডা, আমেৰিকা।
গ্ৰুপ বি : ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড, ওমান।
গ্ৰুপ চি : নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা, পাপুৱা নিউগিনি।
গ্ৰুপ ডি : দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেপাল, নেদাৰলেণ্ড।