শনিবাৰে পুৱা ১০ বজাৰ পৰা সমগ্র বিশ্বৰ লগত সংগতি ৰাখি ডিফুত বিশ্ব পশু চিকিৎসা দিৱস (World Veterinary Day) পালন কৰা হয়। অল পাউজ এন্ড ক্লউজ ডিফু ভেটেৰিনাৰী ক্লিনিকৰ উদ্যোগত ডিফুৰ আমোলাপট্টিত পালন (Observed at Amolapatti in Diphu) কৰা কাৰ্যসূচীত ৫৬টাতকৈ অধিক জীৱ-জন্তুৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ২৮৫ টা জীৱ-জন্তুক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে৷
ইয়াৰোপৰি কৃষকসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত কার্য্যসূচীত পশু চিকিৎসক ডাঃ লনী দত্তৰ লগতে সক্রিয় সহকর্মী সমীৰ কাথু, সুৰেশ হাঞ্চে, বাসু থাপা, আৰু আকাঙ্খা দত্ত আৰু অন্যান্য সক্রিয় কর্মী উপস্থিত থাকে।