
ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তিৰ সাক্ষী হৈছে কাৰ্বি আংলং (Karbi Anglong) জিলাৰ হাওৰাঘাট (Hawraghat)বিধানসভা সমষ্টিৰ অন্তৰ্গত বেলগুৰি গাঁও। মাত্ৰ কেইদিনমান আগলৈকে খৰাঙত দহি থকা গাঁওখনৰ কৃষকে কঠীয়া সিঁচিব পৰা নাছিল। যাৰ বাবে কৃষকসকলে মূৰে-কপালে হাত দিবলগা হৈছিল। কিন্তু প্ৰকৃতিৰ ৰুষ্ট ৰূপত গাঁওখনত আজি হঠাতে বানে (Flood) সংহাৰ ৰূপ ধৰে। দীঘলী নদীৰ বাঢ়নি পানীয়ে নিমিষতে বেলগুৰি গাঁৱৰ প্ৰায় ৯০ শতাংশ ঘৰ-দুৱাৰ আৰু কৃষিভূমি বুৰাই পেলায়। এই আকস্মিক বান বিভিষীকাত অঞ্চলটোৰ ৰাইজ দিশহাৰা হৈ পৰে। লগতে জীৱন-মৃত্যুত শংকিত হৈ পৰিছে। বেলগুৰিৰ উপৰি বৰবিল, দীঘলীপাৰ দুৰ্গাপুৰ আদি কেইবাখনো গাঁও বানত সম্পূৰ্ণৰূপে বুৰ গৈছে।

এই দুৰ্যোগৰ মাজতে বেলগুৰিৰ ভুক্তভোগী ৰাইজে দীঘলী নদীৰ ওপৰত থকা কালভাৰ্টকেইটাৰ ঠাইত দলং নিৰ্মাণ আৰু বান প্ৰতিৰোধ কৰিব পৰাকৈ ৰাস্তা-ঘাট নিৰ্মাণৰ দাবী তুলিছে। ইয়াৰ লগতে খৰাং বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষিভূমিত উন্নত জলসিঞ্চন ব্যৱস্থা কৰিবলৈও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য ড° তুলিৰাম ৰংহাং আৰু স্থানীয় বিধায়ক লুনচিং টেৰণক কাতৰ অনুৰোধ জনাইছে।













