
কাৰ্বি আংলঙৰ (Karbi Anglong) মাঞ্জাৰ মহংদিজুৱাত পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ডিমাছা ছাত্ৰ সন্থা (Dimasa Student Association), অন্যান্য সংগঠনৰ লগতে ধনশিৰি পৰিষদীয় সমষ্টিবাসী। উল্লেখ্য যে ডিমাছা ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনে যৌথভাৱে এক সংবাদমেল আয়োজন কৰে৷ সংবাদ মেলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ধনশিৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বিজেপি সম্পাদক ছিমন ফাংচ’ই ষড়যন্ত্ৰ কৰে বুলি সংগঠনসমূহে অভিযোগ কৰিছে৷ ধনশিৰি পৰিষদীয় সমষ্টিৰ তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ ক্ৰমে ৯৭, ৮১ আৰু ৪৭ৰ লগতে ছখন গাঁও পৰিষদীয় সমষ্টি সিংহাসন আৰু লুম্বাজঙত অন্তৰ্ভুক্ত কৰিবলৈ পৰিকল্পনা কৰিছে ফাংচ’য়ে।

ছিমন ফাংচ’ৰ এনে প্ৰস্তাৱত জিলাখনত জাতিগত বিভাজন সৃষ্টি কৰিব বুলি ডিমাছা ছাত্ৰ সন্থা-সংগঠনে অভিযোগ কৰিছে৷ উল্লেখ্য যে জিলা বিজেপিৰ গুৰু দায়িত্বত থকা ছিমন ফাংচ’য়ে পৰিষদীয় সমষ্টি ধনশিৰিৰ তিনিটা ভোট কেন্দ্ৰৰ লগতে ছখনকৈ গাঁও পৰিষদীয় সমষ্টি সিংহাসনত অন্তৰ্ভুক্ত কৰিবলৈ জিলা আয়ুক্তক এক প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াকে লৈ ডিমাছা ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনে যৌথভাৱে এক সংবাদমেল আয়োজন কৰি সম্পাদক ফাংচ’ৰ বিৰুদ্ধে ক্ষোভ উজাৰে। সংগঠন কেইটাই তেওঁক বিজেপিৰ দলীয় দায়িত্বৰ পৰা অতিশীঘ্ৰে বৰ্খাস্ত কৰিবলৈ দাবী জনায়।













