
কাৰ্বি আংলঙৰ (Karbi Anglong) মাঞ্জা (Manja Road accident) থানাৰ অন্তৰ্গত বৰজানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংগটিত হয়। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত ২ জন (2 death) নিহত ৪ জন আহত (4 Injured) । ডাম্পাৰ চালক দূৰ্ঘটনা সংগটিত কৰাৰ পিছত দুৰ্ঘটনাস্থলীৰ পৰা পলাই যায়। দুৰ্ঘটনাত নিহত হৈছে জ্ঞানলাল হৰিজন (৩০) আৰু সৌৰজিত হৰিজন (২৮)।

আনফালে সজল দাস-২৫, সপন দাস-৫৭, নিপুৰ মজুমদাৰ-৪০ আৰু কৃষ্ণা দেবনাথ-৫৫ আহত।
ইয়াৰে কৃষ্ণা দেবনাথৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ডিফুৰ পৰা হাওৰাঘাট অভিমুখে এখন অ’টত এই ৬জন লোক গৈ থকা অৱস্থাত মাঞ্জা বাইপাশৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰজান সমিপত দূৰ্ঘটনাটি সংগটিত হয়।
ইফালে সংকটজন অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত লোকসকলক ডিফু মেডিকেল কলেজ হস্পিতালত লৈ অনা হৈছে যদিও জ্ঞানলাল আৰু সৌৰজিত হৰিজনক মৃত বুলি ইতিমধ্যে চিকিৎসক ঘোষণা কৰে। আন ৪জন DMCHত চিকিৎসাধীন হৈ আছে ইয়াৰে কৃষ্ণা দেবনাথ সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে মাঞ্জা আৰক্ষীয়ে ডাম্পাৰ চালকজনৰ তদন্ত আৰম্ভ কৰিছে।












