
জিলা কংগ্ৰেছৰ সভাপতি (Karbi Anglong Congress president) আগষ্টিং ইংহিৰ পদত্যাগ (Agosting Inhee resigns), প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত এক উল্লেখযোগ্য ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত বহন কৰি জিলা কংগ্ৰেছৰ সভাপতি আগষ্টিং ইংহিয়ে পদত্যাগ কৰিছে। তেওঁ জিলা কংগ্ৰেছৰ সভাপতি পদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, আগষ্টিং ইংহিয়ে নিজৰ পদত্যাগ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছে। তেওঁৰ এই পদত্যাগে পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ ৰাজনীতিত বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে, তেওঁৰ পদত্যাগৰ আঁৰৰ কাৰণ সম্পৰ্কে এই মুহূৰ্তলৈকে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই। আগষ্টিং ইংহিৰ এই সিদ্ধান্তই আগন্তুক দিনত জিলাখনৰ কংগ্ৰেছ দলৰ সাংগঠনিক ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায়, সেয়া লক্ষণীয় হ’ব।













