
কার্বি আংলং জিলাৰ বৰপথাৰ থানাৰ (Borpathar Police Station) অন্তর্গত কয়লামটিত দুখনকৈ ডাম্পাৰ দুর্ঘটনাগ্রস্ত (Dumper accident)। বৰপথাৰৰ আৰলং চিংকিনৰৰ ওচৰত পথৰ কেঁকুৰিত এই দুর্ঘটনা সংঘটিত হয়। পথ নির্মাণৰ বাবে ডাম্পাৰ দুখনে ইটা কঢ়িয়াই লৈ যোৱাৰ সময়ত দুর্ঘটনাটো সংঘটিত হয়। স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ দুই ডাম্পাৰ চালকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। আহত ডাম্পাৰ চালক দুজন অমিত ওৰাং (২৬) আৰু জিতেন ওৰাং (৩৩) বুলি জানিব পৰা গৈছে। দুয়োজনেই কানাইঘাট গাঁৱৰ বাসিন্দা।

চালক জিতেন ওৰাঙে জানিবলৈ দিয়া মতে, অমিত ওৰাঙে বিপৰীত দিশৰ পৰা অহা এখন অল্টো কে১০ গাড়ীক বঁচাবলৈ যাওঁতে এই দুর্ঘটনাটো সংঘটিত হয়। যিহেতু ডাম্পাৰ দুখন দ্রুতগতিত আছিল সেয়ে অমিতৰ গাড়ীৰ ষ্টিয়াৰিং হুইল ভাঙি নিয়ন্ত্রণ হেৰুৱায়। দুর্ভাগ্যবশত পিছফালৰ পৰা আহি থকা জিতেনৰ গাড়ীখনে অমিতৰ গাড়ীখনৰ পিছফালে খুন্দা মৰাত দুর্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাগ্রস্ত গাড়ী দুখনৰ পঞ্জীয়ন নম্বৰ এএছ-০৫-এচি ৩৪৬৫ আৰু এএছ-০৫-এচি ৩২০৫।













