
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনলৈ মাঁথো কেইটামান মাহ বাকী৷ ২০২৭ চনৰ মাৰ্চ-এপ্ৰিলত ১৪ সংখ্যক কাৰ্বি পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু তাৰ পূৰ্বে আৰম্ভ হৈছে শাসক-বিৰোধী উভয় পক্ষৰ দল বাগৰা ৰাজনীতি৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ৮নং হামৰেণ পৰিষদীয় সমষ্টিৰ জেংখাতস্থিত তেলেহৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত হামৰেণ, বিথুং আৰু কপিলী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ আৰু আঞ্চলিক দল এপিএইচএলচিৰ প্ৰায় দুই সহস্ৰাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

তেওঁলোকক দললৈ আদৰণি জনায় কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী ড° তুলিৰাম ৰংহাঙে৷ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তুলিৰাম ৰংহাঙৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি ৰাইজৰ ক্ৰমবৰ্ধমান আস্থা আৰু সৰ্বাংগীন উন্নয়ন, সুশাসন, শান্তি, সমৃদ্ধি, আৰু সকলো সম্প্ৰদায়ৰ সবলীকৰণৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
অনুষ্ঠানত তুলিৰাম ৰংহাঙে কয় যে এই ঐতিহাসিক অনুষ্ঠানটোৱে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ দিশত আৰ্থ-সামাজিক অগ্ৰগতি ত্বৰান্বিত কৰা, কাৰ্বি আংলং আৰু অসমৰ বাবে এক উজ্জ্বল আৰু অধিক সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।













