
নেপালত বান (Nepal Flood) দুৰ্যোগৰ খবৰ পোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে (Modi called to Nepal PM) কথা পাতে। এই কঠিন সময়ত তেওঁ নেপালৰ ওচৰত থকাৰ বাৰ্তা প্ৰেৰণ কৰে। সূত্ৰ অনুসৰি, যিমান সম্ভৱ দ্ৰুততাৰে নেপাললৈ সাহায্য (Help to Nepal) সামগ্ৰী প্ৰেৰণ কৰা হৈছে। ভাৰতীয় দল উদ্ধাৰৰ কামতো জড়িত হৈছে।
মোদীয়ে ছ’চিয়েল মিডিয়াত নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনযোগে হোৱা কথোপকথন শ্বেয়াৰ কৰি কয়, “মই নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলোঁ। বান দুৰ্যোগ আৰু তাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিলোঁ। এই কঠিন সময়ত ভাৰতে আমাৰ নেপালী ভাই-ভনীসকলৰ কাষত থিয় দিছে। আমি নেপালক সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু। আমাৰ দলে উদ্ধাৰ কামত সহায় কৰি আছে।”

নেপালৰ এই দুৰ্যোগৰ ফলত শতাধিক ভাৰতীয় পৰ্যটকো ক্ষতিগ্ৰস্ত হৈছে। কৈলাস-মানসৰোবৰ দৰ্শন কৰিবলৈ গৈছিল তেওঁলোক। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চুবুৰীয়া দেশখনত আবদ্ধ হৈ থকা যিকোনো ভাৰতীয় নাগৰিকৰ পৰা তথ্য আৰু আপডেট লাভ কৰিবলৈ দুটা জৰুৰীকালীন নম্বৰ প্ৰকাশ কৰিছে। সেই দুটা হৈছে +৯৭৭৯৮৫১৩১৬৮০৭ আৰু +৯৭৭৯৭০৯১০৭৫০০। নেপালৰ দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলে এই নম্বৰসমূহত যোগাযোগ কৰি সহায় আৰু তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে। আনহাতে, নেপালৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে নতুন দিল্লী যোগাযোগত আছে। ভাৰতে তেওঁলোকক উদ্ধাৰ কামত সহায় কৰি আছে আৰু ভুক্তভোগীক সহায় কৰিছে।
ভাৰতীয় বায়ুসেনাই নেপালত সাহায্য অভিযানৰ বাবে প্ৰস্তুত কৰিছে বিমানৰ বহৰ। ইয়াৰ ভিতৰত আছে চি-১৭, চি-১৩০জে আৰু চি-২৯৫ বিমান। বুধবাৰেই নেপাললৈ ৰাওনা হোৱাৰ কথা।













