
এফালে খৰাং, আনফালে বানৰ বিভীষিকা। কাৰ্বি আংলং (Karbi Anglong) জিলাত বতৰৰ এই বিপৰীতমুখী চৰিত্ৰৰ বাবে এইবাৰ বানৰ কবলত জিলাখন। বিগত দুই-তিনি দিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে পাহাৰীয়া নদীবোৰৰ পানী ওফন্দি পৰি তললৈ নামি অহাত ডাকমকা, ফুলনি, লাংহিন, চেণ্টাৰ বজাৰ, হাওৰাঘাট অঞ্চলৰ লগতে বকলিয়াঘাটৰ বিস্তীৰ্ণ অঞ্চল পানীত বুৰ গৈছে।
আনহাতে, বোকাজান (Bokajan) মহকুমাৰো বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। যাৰ ফলত বানাক্ৰান্ত (flood) বহু পৰিয়ালে নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী আৰু পশুধন লৈ ৰাষ্ট্ৰীয় ঘাইপথত বা ওখ ঠাইত আশ্ৰয় লৈছে। ইফালে ডকমকাত ৩২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বানৰ পানী বাগৰি যোৱাত যাতায়ত ব্যাহত হৈছে।

আনহাতে, জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, হঠাতে অহা এই বানত ইতিমধ্যে দুজন লোকৰ মৃত্যু (Two people died) হৈছে। মৃত্যু হোৱা লোক দুজন ডকমকা আৰু দালামৰাৰ বুলি জানিব পৰা গৈছে। ডকমকাৰ ডেকেছাং গাঁৱৰ ৰাহুল এক্কা নামৰ লোকজন ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ তলত বাগৰি পৰাত মৃত্যু হয়। তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
মৃত্যু হোৱা আনজন লোক দলামৰাৰ ৰাজু গোৱালা বুলি চিনাক্ত কৰা হৈছে। তেওঁ ডিফলু নদীৰ বাঢ়নি পানীত উটি গৈছিল আৰু এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো বনভোজস্থলী কাৰ্বি আংলং জিলা প্ৰশাসনে বন্ধ কৰি দিছে।













