
অযোধ্যাৰ ৰাম মন্দিৰৰ (Ram Mandir) পৰা নগদ ধন আৰু সা-সামগ্ৰী চুৰি (Theft of money and belongings) কৰাটোক লৈ ৰাজনীতিকৰণ নকৰিবলৈ পৰামৰ্শ (Advice not to politicize) উচ্চতম ন্যায়ালয়ৰ (Supreme Court)। সোমবাৰে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে এই চুৰিকাণ্ড আপাত দৃষ্টিত সাধাৰণ অপৰাধৰ গোচৰ। তাত ৰাজনীতিৰ কোনো স্থান নাই। বিচাৰপীঠৰ মতে, ঘটনাৰ তদন্ত যাতে সঠিকভাৱে আৰু সঠিক দিশত সম্পন্ন হয়, সেয়া নিশ্চিত কৰাটোৱেই আদালতৰ একমাত্ৰ ভূমিকা।
ৰাম মন্দিৰৰ পৰা প্ৰণামী চুৰিৰ তদন্ত চিবিআইৰ দৰে এজেন্সীয়ে কৰিব লাগে। উল্লেখযোগ্য যে আৰক্ষীৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কেইবাটাও গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে। সোমবাৰে উক্ত আবেদনসমূহৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আপাত দৃষ্টিত এইটো সাধাৰণ অপৰাধৰ গোচৰ। আমি ইয়াত কেৱল ন্যায্য তদন্ত নিশ্চিত কৰিবলৈ আহিছো। আদালতখন ৰাজনীতিৰ স্থান নহয়। বিষয়টোক ৰাজনীতিকৰণ নকৰিব।”

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক অনুদান চুৰি কাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিব পৰা যায় নেকি সেয়া চাবলৈ কয়। আদালতৰ এই পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই ছলিচিটৰ জেনেৰেলে কয় যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে চুৰি কাণ্ডৰ তদন্ত কৰি আছে। এটা এছ আই টিও গঠন কৰা হৈছে।
এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৭ জুলাইত হ’ব বুলি শীর্ষ আদালতে জানিবলৈ দিয়ে৷ সেইদিনা উত্তৰ প্রদেশ চৰকাৰে তদন্তৰ অগ্রগতিৰ প্রতিবেদন আদালতত দাখিল কৰিব লাগিব৷ সোমবাৰৰ শুনানিত তদন্তৰ অগ্ৰগতিৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন আদালতত দাখিল কৰা হয়। জানিব পৰা মতে, এই ঘটনাত আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ হৈছে চুৰি হোৱা ৮০ লাখ টকা।












