বিশ্বৰ সৰ্ববৃহৎ সাপডাল (World largest snake killed) যোৱা মাহত আমাজনৰ ডাঠ অৰণ্যত উদ্ধাৰৰ খবৰ পোৱা গৈছিল। কিন্তু কেইসপ্তাহমানৰ ভিতৰতে চিকাৰীয়ে গুলীয়াই হত্যা কৰে সাপটোক।
ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, ব্ৰাজিলৰ দক্ষিণ অংশত অৱস্থিত আমাজনৰ বনিটো গাঁৱৰ ফৰ্মোছ’ নদীত ২৪ মাৰ্চত নৰ্দাৰ্ণ গ্ৰীণ এনাকণ্ডাক গুলীবিদ্ধ হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। বিশেষজ্ঞসকলে জনোৱা মতে, সাপটো গাড়ীৰ টায়াৰৰ দৰে ডাঠ। ২৬ ফুট দীঘল আৰু ৪৪০ পাউণ্ড ওজনৰ এই সাপটোৰ মূৰটো মানুহৰ মূৰৰ সমান আছিল।
১৬ ফেব্ৰুৱাৰীত বৈজ্ঞানিক আলোচনী ডাইভাৰচিটিত প্ৰকাশ পাইছিল গ্ৰীণ এনাকণ্ডাৰ ওপৰত এক অধ্যয়ন। তাৰ পিছত ৪০ বছৰীয়া ডাচ জীৱবিজ্ঞানী অধ্যাপক ফ্ৰিক ভংকে বিশাল এনাকণ্ডাৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত ভংকে এনাকণ্ডাৰ কাষে কাষে সাঁতুৰি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কয় যে এই সাপটো ২৬ ফুট দীঘল আৰু ইয়াৰ ওজন প্ৰায় ২০০ কিলোগ্ৰাম। ৯ খন দেশৰ আন ১৪ জন বিজ্ঞানীৰ সৈতে মিলি আমি বিশ্বৰ সৰ্ববৃহৎ সাপ প্ৰজাতি এনাকণ্ডা আৱিষ্কাৰ কৰিলোঁ।
নৰ্দাৰ্ণ গ্ৰীণ এনাকণ্ডাৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ কৰি ভংকে কয়, “সাপটোক গুলীয়াই হত্যা কৰা বুলি কেইবাটাও সূত্ৰৰ পৰা তথ্য পাইছো। ইয়াৰ বাবে মই বৰ দুখিত লগতে ক্ষুব্ধ।”