
‘ককৰোচ জনতা পাৰ্টী’ৰ (CJP) সংসদ অভিযানৰ সময়ত ‘আৰক্ষীৰ বৰ্বৰতা’ৰ (rudeness of the Police) বিৰুদ্ধে উত্থাপন কৰা অভিযোগ উচ্চতম ন্যায়ালয়ে (Supreme Court) শুনিবলৈ নিবিচাৰিলে। নীট কেলেংকাৰীক (NEET scandal) লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সংসদ অভিমুখে যাত্ৰা কৰিছিল চিজেপিয়ে। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ লাঠিচালনা কৰিছিল। কন্দুৱা গেছ আৰু জলবোমাও ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে সমদলকাৰীক ‘অত্যাচাৰ’ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি এজন অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ স্বতঃপ্ৰণোদিত হস্তক্ষেপ বিচাৰিছিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত জৰুৰী শুনানিৰ বাবে কৰা আবেদন খাৰিজ কৰে। আবেদনকাৰীয়ে সেইদিনা সংঘটিত ঘটনাৰ ভিডিঅ’ আদালতক দেখুৱাব বিচাৰিছিল। তেতিয়া মুখ্য ন্যায়াধীশে স্পষ্টকৈ কয়, “আমাৰ সময় নষ্ট নকৰিব।”

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰি আবেদনকাৰীৰ অধিবক্তাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে নীট প্ৰশ্নকাকত ফাদিল, পৰীক্ষা পৰিচালনা, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত (NTA) সংস্কাৰকে ধৰি কেইবাটাও বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। সেই সময়ত মুখ্য ন্যায়াধীশে অধিবক্তাজনক হস্তক্ষেপ কৰি তেওঁক ধন্যবাদ জনাই বহিবলৈ অনুৰোধ কৰে। ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ‘অত্যধিক কাৰ্যকলাপ’ৰ অভিযোগ উত্থাপন কৰি ভিডিঅ’বোৰ দেখুৱাবলৈ যায়। তেওঁ দাবী কৰে যে এই ভিডিঅ’সমূহ ‘ককৰোচ’ দলৰ সংসদ অভিযানৰ সময়ৰ। শান্তিপূৰ্ণ প্ৰতিবাদ বন্ধ কৰিবলৈ আৰক্ষীয়ে কেনেদৰে লাঠিচালনাৰ আশ্ৰয় লৈছিল সেই ভিডিঅ’বোৰত আছে। অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে এই ভিডিঅ’সমূহ চাবলৈ অস্বীকাৰ কৰে। তেওঁ মন্তব্য কৰে, “ভিডিঅ’বোৰৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই। আমাৰ সেইবোৰ চাবলৈ সময়ো নাই।”
মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়তো একেধৰণৰ আবেদন দাখিল কৰা হয়। আৰক্ষীৰ এই ব্যৱস্থাৰ বিৰুদ্ধে জৰুৰী শুনানিৰ বাবে কৰা আবেদন খাৰিজ কৰে আদালতে। বিচাৰকসকলৰ মন্তব্য, “এই সকলোবোৰ বিষয়ত আদালতক জড়িত নকৰিব।”











