
ছিকিমত নিৰ্মাণৰ কাম চলি থকা সুৰংগ দুৰ্যোগত (Sikkim Canel Strategy) মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি, উদ্ধাৰ অভিযানত নিয়োজিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যই সুৰংগটোৰ ভিতৰত আৰু পাঁচ-ছয়জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। আৰক্ষী অধীক্ষক সোণম ডি ভূটিয়াই কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ২৫ জন লোকৰ ভিতৰত ২০ জন লোকৰ মৃত্যু হৈছে।
সোমবাৰে ছিকিমৰ নামচি জিলাৰ সমৰডুং অঞ্চলত তীষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্মাণ কৰি থকা এটা সুৰংগ ভাঙি পৰে। ভিতৰত আবদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক। মাটি খহি পৰাৰ ফলত সুৰংগৰ মুখখন বন্ধ হৈ পৰে।
ফলত ভিতৰৰ শ্ৰমিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। প্ৰাথমিক তদন্তত মিথেন গেছ নিৰ্গত হোৱাৰ ফলত এই দুৰ্যোগৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। এই বিষাক্ত গেছ নিৰ্গমন হোৱাৰ পিছত সুৰংগটোৰ ভিতৰত বিস্ফোৰণ ঘটে। খহি পৰাৰ ফলত সুৰংগৰ মুখখন বন্ধ হৈ পৰে। বিষাক্ত গেছভৰ্তি সুৰংগটোত আবদ্ধ হৈ পৰে শ্ৰমিক আৰু অভিযন্তা।
প্ৰত্যক্ষদৰ্শীৰ মতে, সুৰংগটোৰ ভিতৰৰ পৰা হঠাতে এটা প্ৰচণ্ড শব্দ শুনা যায় আৰু ক্ষন্তেক সময়ৰ ভিতৰতে সুৰংগটোৰ মুখখন ভাঙি বন্ধ হৈ পৰে। ইয়াৰ পিছত তাত বিষাক্ত মিথেন গেছ নিৰ্গমন হ’বলৈ ধৰে, যিটো উদ্ধাৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে।
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং তামাঙে কয় যে সুৰংগটোৰ ভিতৰত মিথেন গেছ নিৰ্গত হোৱাৰ কাৰণৰ তদন্ত চৰকাৰৰ বিশেষ কমিটীয়ে কৰিব। ইতিমধ্যে ছিকিম চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
আহতসকলৰ পৰিয়ালক দিয়া হ’ব ৫০ হাজাৰ টকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আহতসকলক দিয়া হ’ব ৫০ হাজাৰ টকা।
এন এইচ পি চি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি কেইবাটাও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে।
উদ্ধাৰকাৰীয়ে জনোৱা মতে, মিথেন গেছ নিৰ্গমন হৈ আছে। ফলত সুৰংগটোত প্ৰৱেশ কৰাটো অধিক কঠিন হৈ পৰিছে। প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ গৈ মিথেন গেছৰ বাবে কেইবাজনো উদ্ধাৰকাৰী অসুস্থ হৈ পৰে। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।










