
ককৰোচ জনতা পাৰ্টীৰ আন্দোলনে দিল্লী কঁপাই তুলিছে। বৃদ্ধি পাইছে সমৰ্থনো। ইয়াৰ মাজতে মঙলবাৰে নীট ইউ জি (NEET-UG) প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে (Modi)। মোদীৰ আবেদন, “যুৱসকলক উচটনি নিদি সঠিক পথ দেখুৱাওক।” শেহতীয়াকৈ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা-তথা-প্ৰৱেশ পৰীক্ষাত (NEET-UG) সংঘটিত বিসংগতিক লৈ দিল্লীত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ মাত্ৰ এদিন পিছতে এই মন্তব্য কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অংশীদাৰ দলৰ সাংসদসকলৰ ওচৰত এই আহ্বান জনায়। এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভুল পথত যোৱাটো সহজ, কিন্তু সঠিক পথলৈ ঘূৰি অহাটো অতি কঠিন। আৰু আমি তেওঁলোকক সঠিক পথলৈ ঘূৰাই আনিব লাগিব। সেয়া আমাৰ দায়িত্ব।” প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে যুৱক-যুৱতীসকলক “বিপথে পৰিচালিত কৰা হৈছে”।
এই বৈঠকত মোদীয়ে লগতে দাবী কৰে যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোহৰলৈ অহাৰ পিছত চৰকাৰে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰে। প্ৰশ্নকাকত ফাদিল হোৱাটোক ‘গুৰুতৰ পাপ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে, বৰ্তমান ১৩ জন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পিছত চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। পৰীক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰে নীট পুনৰ আয়োজন কৰাৰ সিদ্ধান্ত লয়। ২১ জুনত সফলতাৰে সম্পূৰ্ণ হোৱা পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা হয়।
ৰিজিজুৱে কয় যে আগলৈ এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িতসকলক সৰ্বাধিক শাস্তি প্ৰদানৰ দাবী জনাইছে। তেওঁ লগতে উল্লেখ কৰে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যতে প্ৰশ্নকাকত ফাদিল হোৱা ৰোধ কৰাত সহায়ক হ’ব আৰু ৰাজহুৱা পৰীক্ষাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ থাকিব। উল্লেখ্য যে নীট প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব লৈ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত চিজেপি বা ককৰোচ জনতা পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে দলটোৱে ‘সংসদ অভিযান’ৰ আহ্বান জনাইছিল। ইয়াৰ ফলত নতুন দিল্লীত উত্তেজনাৰ সৃষ্টি হয়। অৱশেষত একেদিনাই চিজেপিৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। সোমবাৰে চিজেপিৰ প্ৰতিনিধি সৌৰভ দাস আৰু আশুতোষ ৰাংকাই নাড্ডাক সাক্ষাৎ কৰি তিনিটা মূল দাবী উত্থাপন কৰে।
দাবীসমূহ হ’ল- ১) নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া।
২) কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু
৩) সমাজকৰ্মী সোণম ৱাংচুকক মুকলি কৰি দিয়া।
জানিব পৰা মতে, নাড্ডাই প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিবলৈ কয় আৰু ৰাজধানীৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াবলৈ কয়। কিন্তু প্ৰতিনিধিসকলে উত্থাপন কৰা দাবী সন্দৰ্ভত তেওঁ বা চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰতিশ্ৰুতি বা আশ্বাস দিয়া হোৱা নাই।












