
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোক কল্যাণ মাৰ্গৰ দৰে উচ্চ নিৰাপত্তা বলয়ত ধৰ্ণাত বহিব নালাগে বুলি দিয়া বাৰ্তাকো আওকাণ কৰি ৰাহুল গান্ধী (Rahul Gandhi), মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge), প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে (Priyanka Gandhi Vadra) ধৰি কংগ্ৰেছৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সমীপত ওৰে নিশাৰ বাবে ধৰ্ণাত (Protest) বহিছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও মঙলবাৰে সন্ধিয়া কংগ্ৰেছৰ নেতৃত্বত ধৰ্ণাত যোগদান কৰে।
দিল্লীত ছাত্ৰ আৰু যুৱক-যুৱতীৰ সমদলত লাঠিচালনা আৰু কন্দুৱা গেছ নিক্ষেপৰে হোৱা আৰক্ষীৰ আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে মোদীৰ বাংলোৰ সন্মুখত ধৰ্ণাত বহাৰ পূৰ্বে লোকসভাৰ বিৰোধী দলপতি ৰাহুলে এক্স পোষ্টত লিখিছে, “ছাত্ৰৰ ওপৰত আক্ৰমণ মানে প্ৰতিটো ভাৰতীয় পৰিয়ালক আক্ৰমণ কৰা। প্ৰধানমন্ত্ৰী মোদীয়ে ভাবে যে তেওঁ কোনো উত্তৰ নিদিয়াকৈ, কোনো পৰিণতিৰ সন্মুখীন নোহোৱাকৈয়ে ৰক্ষা পৰিব। কিন্তু নোৱাৰে, এইবাৰতো একেবাৰে নোৱাৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাব লাগে বুলি বিশ্বাস কৰা প্ৰতিজন দেশপ্ৰেমিক ভাৰতীয়লৈ আহ্বান জনাইছোঁ, প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আমাৰ ধৰ্ণাত যোগদান কৰক। ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠক আওকাণ কৰিব নোৱাৰি।”

মঙলবাৰে কংগ্ৰেছৰ সাংসদসকলৰ লগতে কংগ্ৰেছশাসিত দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেৰেলাৰ ভি ডি সতীশন আৰু কৰ্ণাটকৰ ডি কে শিৱকুমাৰেও ৰাহুলৰ ধৰ্ণা-প্ৰতিবাদত যোগদান কৰে। লোক কল্যাণ মাৰ্গৰ প্ৰধানমন্ত্ৰী মোদীৰ বাংলোৰ সমীপত ধৰ্ণা-প্ৰতিবাদ আৰম্ভ কৰাৰ পিছত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে তেওঁলোকক সাক্ষাৎ কৰে। উচ্চ নিৰাপত্তাৰ অধীনত অঞ্চলটোৰ পৰা ধৰ্ণা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পিছতে ধৰ্ণাস্থলী এৰি জীতেন্দ্ৰ সিং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি লোক কল্যাণ মাৰ্গলৈ উভতি আহে। তেওঁ ধৰ্ণা প্ৰত্যাহাৰৰ বাবে অমিত শ্বাহৰ ‘অনুৰোধ’ কংগ্ৰেছ নেতৃত্বলৈ প্ৰেৰণ কৰে। কিন্তু মঙলবাৰৰ সন্ধিয়া পৰ্যন্ত সেয়া মানি লোৱা নাই।
সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰিটা দাবীত ৰাহুল গান্ধীয়ে গোটেই নিশা ধৰ্ণাত বহিবলৈ সাজু হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সমান্তৰালকৈ কংগ্ৰেছ নেতৃত্বই আৰক্ষীৰ বৰ্বৰতাৰ দায়িত্ব গ্ৰহণ কৰি মোদী চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা, সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোচনাৰ দাবী জনাইছে। কিন্তু সেই দাবীসমূহ মানি ল’বলৈ এতিয়াও কোনো সংকেত দিয়া নাই মোদী চৰকাৰে।













