
অভিযান্ত্ৰিক (Engineering) বিষয়ত স্বৰ্ণ পদক (Gold medal) লাভ কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। ইয়াৰ পিছত চৰকাৰী চাকৰি এটাৰ বাবে কমেও ৫০ বাৰ চেষ্টা চলায়। কিন্তু কোনো এবাৰতে তেওঁ সফল হ’ব নোৱাৰিলে। উত্তৰ প্ৰদেশৰ কানপুৰত (Kanpur) ২৩ বছৰীয়া যুৱকৰ চিপ লোৱা মৃতদেহৰ কাষত উদ্ধাৰ (Recovery of the dead body) হোৱা ‘ছুইচাইড’ নোটত (‘Suicide’ note) চাকৰি নোপোৱাৰ বাবে অনুশোচনাৰ কথা লিপিবদ্ধ কৰা হৈছে। বাৰে বাৰে বিফল হোৱাৰ বাবে যুৱকজনে পিতৃৰ ওচৰত ক্ষমা বিচাৰি আত্মহত্যা (Suicide) কৰে।
কানপুৰৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ২০২৪ চনত স্নাতক ডিগ্ৰী লাভ কৰা আনন্দ কুমাৰ নামৰ যুৱকজনে বৈদ্যুতিক অভিযান্ত্ৰিক শাখাত নিজৰ বেটচত প্ৰথম স্থান লাভ কৰে। লগতে তেওঁ লাভ কৰে স্বৰ্ণ পদক। উত্তৰ প্ৰদেশৰ লোকপাল আনন্দিবেন পেটেলৰ হাতৰ পৰা তেওঁ এই পদক গ্ৰহণ কৰিছিল।

আনন্দৰ ককায়েকৰ বিয়াৰ ব্যৱস্থা কৰিবলৈ গোটেই পৰিয়ালটো কইনাৰ ঘৰলৈ গৈছিল। সেই সময়ত আনন্দ নিজৰ ঘৰত অকলে আছিল। গৃহকৰ্মীজন আহি তেওঁৰ তৃতীয় মহলীয়া কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখি বাৰে বাৰে মাত দিয়াৰ পিছতো কোনো সঁহাৰি নাপালে। লগে লগে তেওঁ ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। তেওঁলোকেও আহি বাৰে বাৰে মাত দিয়াত কোনো সঁহাৰি নোপোৱাৰ পিছত অৱশেষত আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষী আহি দুৱাৰ ভাঙি আনন্দক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। কোঠাৰ বিছনাত হাতে লিখা এখন টোকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
নোটখনত লিখা আছিল, “দেউতা, মই দুঃখিত। মই প্ৰায় ৫০ বাৰ চৰকাৰী চাকৰি এটা ল’বলৈ চেষ্টা কৰিছোঁ। কিন্তু সফল হ’ব পৰা নাই। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব।” তেওঁৰ পিতৃ ৰাজকুমাৰে কয় যে আনন্দই চৰকাৰী চাকৰিৰ বাবে বহুবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হ’ব পৰা নাছিল। ফলত বিগত কেইমাহমানৰ পৰা তেওঁ মানসিক বিষণ্ণতাত ভুগি আছিল। সেই বিষণ্ণতাৰ বাবেই হয়তো যুৱকজনে আত্মহত্যাৰ পথ বাছি লয় বুলি পৰিয়াল আৰু আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।












