
অতি শোচনীয় হৈ পৰিছে অসমৰ বান পৰিস্থিতি (Assam Flood) ৷ বিশেষকৈ উজনি অসমত বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মঙলবাৰৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত অসমত ২১ জন লোকৰ বানত মৃত্যু হৈছে৷

এই সময়ছোৱাত সৰ্বাধিক মৃত্যু হৈছে শিৱসাগৰ জিলাত। জিলাখনত ১৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, চৰাইদেউ জিলাত ৫ জন, গোলাঘাটত দুজন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে চলিত বছৰৰ বানত এতিয়ালৈকে ৩১ জন লোকৰ মৃত্যু হৈছে৷
শেহতীয়া বানত ৰাজ্যৰ প্ৰভাৱিত জিলাসমূহ হৈছে গোলাঘাট , কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ , কামৰূপ (ম), যোৰহাট , তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰ। এই ১৬ খন জিলাৰ ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ৫.৬৪ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ২৪ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে।
জিলা হিচাপত সৰ্বাধিক ৩.৫৯ লাখৰো অধিক লোক আক্ৰান্ত হৈছে শিৱসাগৰ জিলাত। আনহাতে, যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক বানত আক্ৰান্ত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰা ২৭৩টা সাহায্য শিবিৰত ১ লাখৰো অধিক লোকে আশ্ৰয় লৈ আছে।













