
অসমৰ বান পৰিস্থিতি (Assam flood) এতিয়াও শোচনীয় হৈ আছে। চলিত বৰ্ষৰ বানত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা (Death count) চাৰিজনলৈ বৃদ্ধি (Increased to four people) পাইছে। অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ছয়খন জিলা বানত বুৰ গৈছে আৰু ৩৭ হাজাৰ লোক বানৰ কবলত পৰিছে।
ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ ৩৭ হাজাৰ ৩২ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতি (Terrible situation) লখিমপুৰ জিলাত। জিলাখনত ৩৫ হাজাৰ ৬৯৬ জন লোক বানত বুৰ গৈছে। ৰাজ্যৰ বানাক্ৰান্ত ছয়খন জিলা হৈছে শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, যোৰহাট আৰু শিৱসাগৰ। এই ছয়খন জিলাৰ ৯৯ খন গাঁও পানীত বুৰ গৈছে।

ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, বানাক্ৰান্ত জিলাসমূহত ২০টা সাহায্য শিবিৰ মুকলি কৰা হৈছে। ঘৰৰ বাহিৰেও কৃষিভূমি আৰু পশুধনৰ ব্যাপক ক্ষতি হৈছে। আনহাতে, ৰাজ্যিক প্ৰশাসনৰ সূত্ৰ অনুসৰি, ১,১০৩ হেক্টৰ কৃষিভূমি পানীৰ তলত। কোনো কোনো ঠাইত বানপীড়িত জিলাসমূহৰ পানীয়ে বাট-পথো উটুৱাই লৈ গৈছে। অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে অসমৰ নদীসমূহৰ জলপৃষ্ঠ কিছু কিছু ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। ফলত বহু নতুন অঞ্চলত বানপানীৰ আশংকা বাঢ়িছে। ৰাজ্যৰ বান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে। বিভিন্ন স্থানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী মোতায়েন কৰা হৈছে।













