
পাক অধিকৃত কাশ্মীৰত (PoK) চৰকাৰ বিৰোধী প্ৰতিবাদত (Anti-government protest) ফিল্ড মাৰ্শ্বাল আছিম মুনিৰৰ সেনাই নিৰ্বিচাৰ গুলীচালনা (Random shooting) কৰে। মঙলবাৰে সাধুনাটী জিলাত যুটীয়া আৱামী একচন কমিটীৰ নিৰস্ত্ৰ সমাবেশত গুলীচালনাৰ ঘটনাত তিনিজন প্ৰতিবাদকাৰী নিহত হয়। লগতে ৰাৱালপিণ্ডিৰ মাটিয়াল মীৰা বাছ টাৰ্মিনেলৰ সন্মুখত গুলীচালনাতো তিনিজন লোক নিহত হয়। ভাৰতে মঙলবাৰে পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ সেনাই এমাহতকৈও অধিক সময় ধৰি চলাই থকা ধাৰাবাহিক হত্যাকাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপ বিচাৰিছে।
মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক সংবাদমেলত কয়, “নতুন দিল্লীয়ে আশা কৰিছে যে পাক অধিকৃত কাশ্মীৰত সংঘটিত অত্যাচাৰ আৰু আইন-শৃংখলাৰ বাবে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জবাবদিহি কৰা হ’ব। এই স্বতঃস্ফূৰ্ত গণ প্ৰতিবাদ পাকিস্তানে দশক দশক ধৰি অবৈধভাৱে দখল কৰা অঞ্চলত পাকিস্তানৰ পদ্ধতিগত শোষণ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু প্ৰশাসনিক অত্যাচাৰৰ প্ৰত্যক্ষ ফল।” স্থানীয় জনসাধাৰণৰ বৈধ অভিযোগক মানি লোৱাৰ পৰিৱৰ্তে পাকিস্তানে চৰম দমনমূলক নীতিৰ আশ্ৰয় লৈ নিৰস্ত্ৰ নাগৰিকৰ বিৰুদ্ধে মাৰাত্মক শক্তি প্ৰয়োগ কৰা বুলি অভিযোগ কৰে।
ফলত ধাৰাবাহিকভাৱে হতাহতৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে পাকিস্তানী সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। জম্মু-কাশ্মীৰৰ পৰা বদলি হোৱা ১২ খন সংৰক্ষিত আসনে কঢ়িয়াই আনিছে এক নতুন মাত্ৰা। সেই আসনসমূহ এতিয়া পাকিস্তান অধিকৃত কাশ্মীৰৰ সংঘাতৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিভিন্ন সংগঠনৰ যৌথ মঞ্চ জেএএচিয়ে সেই ১২ খন সংৰক্ষিত আসন প্ৰত্যাহাৰৰ দাবী জনাইছে।

তেওঁলোকৰ অভিযোগ যে ইছলামাবাদে এই আসনসমূহ ব্যৱহাৰ কৰি পাক অধিকৃত কাশ্মীৰৰ চৰকাৰ নিয়ন্ত্ৰণ কৰি তাৰ ৰাজনীতিত প্ৰভাৱ পেলাইছে। ১৯৪৭ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত জম্মু-কাশ্মীৰৰ পৰা বহু লোক পাকিস্তানলৈ প্ৰব্ৰজন কৰে। বিশেষকৈ জম্মু, পুঞ্চ আৰু ৰাজৌৰীৰ পৰা এই ঘটনা সংঘটিত হৈছিল। এই লোকসকলক পাকিস্তানত ‘উদ্বাস্তু’ ঘোষণা কৰা হৈছে। পাক অধিকৃত কাশ্মীৰৰ বিধানসভাৰ মুঠ ৫৩ জন সদস্যৰ ভিতৰত ১২ খন আসন এই শৰণাৰ্থীসকলৰ বাবে সংৰক্ষিত আছিল। ইয়াৰে ৬ খন আসন কাশ্মীৰ উপত্যকাৰ শৰণাৰ্থীৰ বাবে আৰু ৬ খন আসন জম্মুৰ শৰণাৰ্থীৰ বাবে সংৰক্ষিত।
যিহেতু এই শৰণাৰ্থীসকলে পাকিস্তানৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছে, সেয়েহে সংৰক্ষিত আসনৰ বাবে নিৰ্বাচন পাক অধিকৃত কাশ্মীৰৰ বাহিৰত অনুষ্ঠিত হয়। ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে এই আসনসমূহ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতিৰ সৈতে জড়িত। জম্মু-কাশ্মীৰৰ শৰণাৰ্থী প্ৰতিনিধিক দেখুৱাই ইছলামাবাদে ক’ব বিচাৰিছে যে কাশ্মীৰৰ সমস্যা সমাধান হোৱা নাই। জেএএচিৰ মতে, এই শৰণাৰ্থী আসনসমূহে পাকিস্তানে দখল কৰা কাশ্মীৰৰ ৰাজনৈতিক ভাৰসাম্য ধ্বংস কৰি আছে।
অভিযোগ উত্থাপন হৈছে যে এই আসনসমূহৰ পৰাই ব্যৱস্থা কৰা নিৰ্বাচনত জয়ী হোৱা প্ৰতিনিধিৰ জৰিয়তে ইছলামাবাদে পাক অধিকৃত কাশ্মীৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিছে জেএএচিৰ নেতা চৰ্দাৰ অমান খানে। তেওঁ অভিযোগ কৰে যে পাকিস্তানী সেনাই মূলতঃ এই স্থানচ্যুত কাশ্মীৰীৰ জৰিয়তে জম্মু-কাশ্মীৰলৈ সন্ত্ৰাসবাদ ৰপ্তানি কৰি অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে। পাকিস্তানে অধিগ্ৰহণ কৰা কাশ্মীৰত পাকিস্তানৰ অত্যাচাৰ ৰোধৰ বাবে হস্তক্ষেপ কৰিবলৈ নতুন দিল্লীকো আবেদন জনাইছে। ৩৮ দফা দাবীৰে ৯ জুনৰ পৰা আৰম্ভ হৈছে আন্দোলনৰ নতুন পৰ্যায়। পাকিস্তানী সেনাৰ বিৰুদ্ধে ৪০ জনতকৈ অধিক প্ৰতিবাদকাৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।












