
শুকুৰবাৰে পুৱতিনিশা বকলীয়াঘাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ স্কুটাৰ আৰোহীৰ মৃত্যু।

নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাটোত স্কুটাৰ আৰোহী ছাৰমন টেৰণ নামৰ যুৱকজন থিতাতে নিহত হয়।
আনহাতে, আন দুই আৰোহী যুৱক খৰছিং ৰংপি আৰু ছাৰমন ইংতি আহত হয়। সংকটজনক অৱস্থাত দুয়োকে ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁলোক তিনিওজনে এখন এখন নম্বৰ প্লেটবিহীন স্কুটাৰতে উঠি নগাঁৱৰ পৰা ডিফু অভিমুখী গৈ আছিল ।













