
শোণিতপুৰ (Sonitpur) জিলাৰ মিছামাৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident)। অঞ্চলটোৰ কঁঠালগুৰি-দীঘলজুলি গাঁৱৰ পথত তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত এগৰাকী গৰ্ভৱতী মহিলা (Pregnant woman) আৰু নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকী (IX standart student) গুৰুতৰভাৱে হয়। ইয়াৰ পিছত তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু (Both of their deaths) হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।
ঘটনা অনুসৰি, যোৱানিশা প্ৰায় ৯.৩০ বজাত মিছামাৰীৰ ৰিকামাৰী গাঁৱৰ আশা কৰ্মকাৰ (২১) আৰু নিকিতা কুমাৰ (১৬) বলবমৰ বাবে পথৰ দাঁতিত ৰৈ আছিল। তেনে সময়তে দীঘলজুলি গাঁৱৰ দিশৰ পৰা তীব্ৰবেগেৰে অহা AS-12-AP-9132 নম্বৰৰ এখন পালছাৰ মটৰচাইকেলে দুয়োকে খুন্দা মাৰে৷ তীব্ৰ গতিত খুন্দা মৰাৰ ফলত দুয়োগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত সংকটজনক অৱস্থাত ১০৮ মৃত্যুঞ্জয় সেৱাৰে নি তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে দুয়োৰে মৃত্যু হয়৷ উল্লেখযোগ্য যে মৃত আশা কৰ্মকাৰ নামৰ মহিলাগৰাকী চাৰি মাহৰ গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, নিকিতা কুমাৰ স্থানীয় উত্তৰ মিছামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল৷ ইফালে মটৰ চাইকেলখনৰ চালক অঞ্চলটোৰ গৰুবন্ধাৰ বাসিন্দা ৰমেন বড়ো বুলি জানিব পৰা গৈছে৷ গুৰুতৰভাৱে আহত অৱস্থাত তেওঁকো চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, এই দুৰ্ঘটনাটোৰ পিছতে মিছামাৰীৰ গৰুবন্ধা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাক লৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আহত ছাত্ৰী নিকিতা কুমাৰক চিকিৎসাৰ বাবে গৰুবন্ধা আদৰ্শ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক আৰু জৰুৰীকালীন সেৱাৰ অভাৱৰ কথা পোহৰলৈ আহিছে। যাৰ বাবে তেওঁ সময়মতে উন্নত চিকিৎসা লাভ নকৰাত মৃত্যু মুখত পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই। স্থানীয় ৰাইজে গৰুবন্ধা আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক নিযুক্তি, ২৪ ঘণ্টীয়া জৰুৰীকালীন সেৱা আৰু পৰ্যাপ্ত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।
আনহাতে, গৰ্ভৱতী মহিলাসহ এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যুৰ পিছত এতিয়া দুৰ্ঘটনাটোৰ তদন্তৰ লগতে গুৰুতৰভাৱে আহতক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষৰ ভূমিকা সম্পৰ্কেও নিৰপেক্ষ তদন্তৰ দাবী উত্থাপিত হৈছে।













