
কাৰ্বি ভূমি (Karbi Land)ত নতুন ৰাজনৈতিক দল (New political party)ৰ আত্মপ্ৰকাশ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আত্মপ্ৰকাশ ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ (Autonomus Peoples Movement) নামৰ ৰাজনৈতিক দল এটাৰ। দলটোত বহুকেইজন আঞ্চলিক নেতাই অংশগ্ৰহণ কৰা পৰিপ্ৰেক্ষিতত জিলাখনৰ ৰাজনৈতিক সমীকৰণত এক বিশেষ তাৎপৰ্য বহন কৰিছে।

নৱগঠিত দলটোৱে সংবিধানৰ ২৪৪ (ক)ধাৰা অনুসৰি স্বায়ত্তশাসিত ৰাজ্য, ষষ্ঠ অনুসূচী অনুসৰি ভূমি, প্ৰাকৃতিক সম্পদৰ লগতে ভৌগোলিক সুৰক্ষা আদি নিৰাপত্তাৰ বিষয়ক গুৰুত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি বিজেপি চৰকাৰৰ দুৰ্নীতি তথা জিলাখনৰ আঞ্চলিক দলসমূহৰ নীৰৱ ভূমিকাৰ বিপৰীতে দলটোৱে সবল প্ৰত্যাহ্বান জনাবলৈ সংকল্প গ্ৰহণ কৰে।













