
কার্বি আংলং (Karbi Anglong) জিলাত সৃষ্টি হোৱা দ্বিতীয় পর্যায়ৰ বানত জিলাখনৰ চিলনীজান আৰু ফুলনি ৰাজহ চক্র আক্ৰান্ত (Affected by Revenue cycle) হৈছে। আনহাতে, পানীত ডুবি এজন যুৱকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। নিহত যুৱকজনৰ নাম আইজুল ইছলাম (২১) বুলি জানিব পৰা গৈছে।
লাহৰীজান বাঁশবাৰীৰ বাসিন্দা আইজল এটি কালভার্টৰ তলত জমা হৈ থকা বানৰ পানীত মাছ মাৰিবলৈ গৈ নিখোঁজ হয়। পৰৱৰ্তী সময়ত বহু অনুসন্ধানৰ পিছত কালভার্টৰ পৰা কিছু দূৰৈত তেওঁৰ নিথৰ দেহ স্থানীয় লোকে উদ্ধাৰ কৰে। ইয়াকে লৈ এইবাৰৰ বানত পার্বত্য জিলাখনত বানত মৃত্যুৰ সংখ্যা (Number of deaths) তিনিজনলৈ বৃদ্ধি পায়।

ইয়াৰ পূৰ্বে দলামাৰাত এটি ১০ বছৰীয়া শিশু আৰু ডকমকাত এজন যুৱকৰ মৃত্যু হৈছিল। এতিয়ালৈকে বোকাজান মহকুমাৰ চিলনীজান ৰাজহ চক্রৰ অধীনৰ জপৰাজান, চেলেকাটি, ৰাজবংশীচুক, পানবাৰী, মহখুঁটি, লাহৰীজান, দুদু কলনী আদি গাঁও পানীৰ তলত। লাহৰীজান আৰু খটখটীৰ মাজৰ ৰেল টার্মিনেল সম্পূর্ণভাৱে পানীৰ তলত।
অসম-নাগালেণ্ড সীমান্তৰ দুই ৰাজ্যৰ লাহৰীজান আৰু ডিমাপুৰ পানীৰ তলত। পানীত উটি গৈছে বহু যান-বাহন। জিলা জনসংযোগ বিভাগৰ তথ্য মতে, ফুলনি ৰাজহ চক্রৰ অধীনস্থ ডিক্রুট নদী আৰু হৰিনাপুৰ নদীৰ জলস্তৰ বর্তমানো বৃদ্ধি পাই আছে। ফুলনি ৰাজহ চক্রৰ অধীনৰ ডেনগাঁৱৰ ১৪০টি পৰিয়ালক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।













