
শনিবাৰে পুৱা হিমাচল প্ৰদেশৰ চাম্বাত (Chamba of Himachal Pradesh) সংঘটিত এক বাছ দুৰ্ঘটনাত (Bus accident) ৭ জন যাত্ৰীৰ মৃত্যু (7 passengers died) হয়। আহত হৈছে ১১ জন লোক। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৬.৩০ বজাত এখন ব্যক্তিগত বাছ এক দুৰ্ঘটনাত পতিত হয়। বাছখন বৈৰাগড়ৰ পৰা চাম্বালৈ গৈ আছিল। বাছখনৰ চালক আৰু কণ্ডাক্টৰকে ধৰি মুঠ ১৮ জন লোক বাছখনত আছিল। বাছখন বৈৰাগড়-তিছা পথেৰে গৈ আছিল। বৈৰাগড়ৰ পৰা প্ৰায় তিনি কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত চালুজৰ সমীপৰ পাহাৰীয়া ভাঁজত বাছখনৰ ওপৰত চালকে নিয়ন্ত্ৰণ হেৰুৱায়।

ইয়াৰ পিছত লুটি খাই প্ৰায় ১০০ ফুট তললৈ সৰি পৰে। বাছখনৰ ভিতৰত আবদ্ধ হৈ পৰে যাত্ৰীসকল। আৰক্ষীয়ে জনোৱা মতে, বাছখনৰ তলমুৱা কৰি আছিল। বাছখনৰ চকাবোৰ ওপৰলৈ মুখ কৰি আছিল। যাত্ৰীৰ চিঞৰ শুনি প্ৰথমে স্থানীয় ৰাইজে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীকো খবৰ দিয়া হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, হোম গাৰ্ড, অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় দলসমূহে উদ্ধাৰ অভিযানত যোগদান কৰে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ ভিতৰৰ পৰা এজন এজনকৈ আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। নিহত আৰু আহত আটাইকেইজন হিমাচলৰ বাসিন্দা।













