ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2026
Reading Time: 1 min read
A A
0
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

RELATED POSTS

Can Assam Harness the AI Wave to Bridge Global Tech and Regional Equity?

Are We Ready to Embrace Change? Navigating the Human-Centric Landscape of Digital Transformation in Assam’s Public Sector

Unlocking the Future: How NLP is Revolutionizing Content Creation

New Logo Smal 1 | ASSAM TIMES POST

প্ৰযুক্তি কোম্পানী মেটাৰ (Meta) সৈতে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে কেন্দ্ৰই আন এক পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে (Ministry of Electronics and Information Technology) মেটাক নিজৰ এলগাৰিথিম পুনৰ নিৰ্মাণ কৰিবলৈ কৈছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এএনআয়ে এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰই ডীপফেক (Deepfake) বা কোনো বিকৃত বিষয়বস্তু (Distorted content) বা ইচ্ছাকৃত অপপ্ৰচাৰ ৰোধ (Prevent deliberate misinformation) কৰিবলৈ নিৰ্দিষ্ট এলগাৰিথিম সৃষ্টি কৰাত গুৰুত্ব আৰোপ (Emphasis) কৰিছে। এই বিষয়সমূহ মানি চলিবলৈ মেটাই কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কেও বিশদ ৰোডমেপ দাখিল কৰিবলৈ কোৱা হৈছে।

ছচিয়েল মিডিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা পোষ্ট শেহতীয়াভাৱে সাময়িকভাৱে ডিলিট কৰে মেটাই। তাৰ পৰাই আৰম্ভ হয় বিতৰ্ক। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই মেটাৰ বিষয়াসকলক তলৱ কৰে। লগতে প্ৰধানমন্ত্ৰীৰ পোষ্ট সাময়িকভাৱে ডিলিট কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত ক্ষমা বিচাৰে। এই সকলোবোৰৰ মাজতে মেটাৰ বিষয়াসকলে এই সপ্তাহত একেৰাহে তিনিদিন কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হয়। তাত বিভিন্ন কাৰিকৰী সমস্যাও আহে। এএনআইৰ সূত্ৰ মতে, শেহতীয়াকৈ উক্ত বৈঠকৰ সময়ত কেন্দ্ৰই মেটাক নিজৰ এলগাৰিথিম ব্যৱস্থাটো পুনৰ নিৰ্মাণ কৰিবলৈ কয়।

meta 2 | ASSAM TIMES POST
ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

দেশৰ তথ্য-প্ৰযুক্তি আইন সঠিকভাৱে কাৰ্যকৰী কৰা হৈছেনে নাই সেই সন্দৰ্ভতো কেন্দ্ৰই চকু ৰাখিছে। পিটিআইৰ সূত্ৰ অনুসৰি, যোৱা বৃহস্পতিবাৰৰ বৈঠকত এই বিষয়টো উত্থাপন হয়। ইয়াত প্ৰযুক্তি কোম্পানীসমূহে কেন্দ্ৰক আশ্বাস দিয়ে যে তেওঁলোকে ডীপফেক, বট বা আপত্তিজনক বিষয়বস্তুৰ সমস্যাটো দূৰ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। ধনৰ বিনিময়ত একপক্ষীয় তথ্য বা অপপ্ৰচাৰৰ প্ৰচাৰ কৰা কিছুমান বিষয়বস্তুৰ ‘বুষ্ট’ক (ব্যাপক প্ৰচাৰ পোৱা) লৈও কেন্দ্ৰই বৈঠকত উদ্বেগ প্ৰকাশ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰযুক্তি কোম্পানীসমূহেও এনেধৰণৰ ঘটনাসমূহ সঠিকভাৱে চম্ভালিব নোৱৰাৰ বাবে কেন্দ্ৰৰ ওচৰত ক্ষমা বিচাৰে।

এই বিতৰ্কৰ মাজতে কেন্দ্ৰই প্ৰশ্ন কৰিছে যে এইবাৰ মেটাৰ পৰৱৰ্তী পৰিকল্পনা কি? এএনআইৰ সূত্ৰ অনুসৰি, মেটাক ‘কনটেণ্ট মডাৰেচন’ (ছ’চিয়েল মিডিয়াত পোষ্ট কৰা কনটেণ্টৰ নিৰীক্ষণ) ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰিবলৈ কোৱা হৈছে। যদি কোনো চৰকাৰী অনুমোদিত কৰ্তৃপক্ষই কোনো বিষয়বস্তু আঁতৰাবলৈ অনুৰোধ কৰে তেন্তে তৎকালীন ব্যৱস্থা ল’বলৈ কোৱা হৈছে। সূত্ৰ অনুসৰি, শুকুৰবাৰে মেটা আৰু কেন্দ্ৰৰ বিষয়াসকলৰ মাজত অনুষ্ঠিত বৈঠকত আপত্তিজনক বিষয়বস্তু কেনেকৈ চম্ভালিব পাৰি তাৰ বিশদ ব্যাখ্যা দিয়া হয়। তাত কেন্দ্ৰৰ বিষয়াসকলে ডীপফেক বা বিকৃত বিষয়বস্তুৰ বিস্তাৰ ৰোধ কৰিবলৈ নিৰ্দিষ্ট এলগাৰিথিম তৈয়াৰ কৰাত গুৰুত্ব আৰোপ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MetavsIndianGovt
Share4Tweet3Send

Related Posts

Can Assam Harness the AI Wave to Bridge Global Tech and Regional Equity?
Digital Transformation

Can Assam Harness the AI Wave to Bridge Global Tech and Regional Equity?

by ASSAM TIMES POST
July 1, 2025
55
Are We Ready to Embrace Change? Navigating the Human-Centric Landscape of Digital Transformation in Assam’s Public Sector
Digital Transformation

Are We Ready to Embrace Change? Navigating the Human-Centric Landscape of Digital Transformation in Assam’s Public Sector

by ASSAM TIMES POST
May 31, 2025
55
Unlocking the Future: How NLP is Revolutionizing Content Creation
Digital Transformation

Unlocking the Future: How NLP is Revolutionizing Content Creation

by ASSAM TIMES POST
May 16, 2025
54
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d