
কেন্দ্ৰীয় চৰকাৰে চাবোন, চেম্পু, টুথপেষ্টকে ধৰি সকলো প্ৰসাধন সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পেকেজিং সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। লক্ষ্য হৈছে ক্ৰেতাই ক্ৰয়ৰ সময়ত সামগ্ৰীটো আমিষ নে নিৰামিষ সেয়া যাতে সহজে জানিব পাৰে।

কেন্দ্ৰই জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা কোনো সামগ্ৰী আমিষ নে নিৰামিষ সেইটো উল্লেখ কৰাটো বাধ্যতামূলক। নিৰামিষ সামগ্ৰীৰ পেকেজিঙত সেউজীয়া বিন্দু থাকিব লাগিব। যদি ই আমিষ হয় তেন্তে ৰঙা বা বাদামী ৰঙৰ বিন্দু এটা থাকিব। আৰু এই চিহ্নটো পেকেটত এনেদৰে ৰাখিব লাগিব যাতে ই সহজে দেখা যায়। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে ‘আইনী মেট্ৰ’লজি (পেকেজড ক’ম’ডিটিজ) নিয়ম, ২০১১’ সংশোধন কৰি এই পৰিৱৰ্তন আনিছে। শেহতীয়াকৈ তেওঁলোকে এক অধিসূচনা জাৰি কৰিছিল। নতুন গাইডলাইনত উল্লেখ আছে যে সোমবাৰৰ পৰাই এই নিয়ম কাৰ্যকৰী হৈছে।













