
বিহাৰৰ জামুইত এগৰাকী নাবালিকাক নিৰ্যাতন আৰু হাৰাশাস্তিৰ সৈতে জড়িত ১২০টা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। কেৱল সেয়াই নহয়, ঘটনাৰ ভিডিঅ’ প্ৰচাৰ নকৰিবলৈ আৰু ভুক্তভোগীসকলৰ পৰিচয় প্ৰকাশ নকৰিবলৈও সকীয়াই দিছে আৰক্ষীয়ে। অন্যথা সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে পক্সো (POCSO) আৰু তথ্য-প্ৰযুক্তি আইনৰ (IT Act) অধীনত গোচৰ ৰুজু কৰা হ’ব। বিহাৰ আৰক্ষীয়ে তেওঁলোকৰ এক্স হেণ্ডেলত কয়, “আমি জনসাধাৰণক আহ্বান জনাইছোঁ যে জামুই কাণ্ডৰ বলি হোৱা কিশোৰ-কিশোৰীৰ ছবি বা ভিডিঅ’ প্ৰকাশ নকৰিব। তেওঁলোকৰ পৰিচয় প্ৰকাশ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” লগতে কয় যে পক্সো আইনৰ ২৩ নং ধাৰা অনুসৰি নাবালকৰ পৰিচয় প্ৰকাশ কৰাটো নিষিদ্ধ। এই আইন উলংঘা হ’লে অভিযুক্তক ৬ মাহৰ পৰা ১ বছৰলৈ কাৰাদণ্ড বিহা হ’ব পাৰে। জৰিমনাও বিহা হ’ব পাৰে বা দুয়োটা হ’ব পাৰে। সেয়ে বিহাৰ আৰক্ষীয়ে এই আইন আৰু শাস্তিৰ কথা সোঁৱৰাই দি সতৰ্কবাণী জাৰি কৰিছে। এজন আৰক্ষী বিষয়াৰ মতে, “সেই কিশোৰ-কিশোৰীৰ নাম, ফটো আৰু পৰিচয় বা এনে কোনো তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিব নালাগে। তেনে ক্ষেত্ৰত সংশ্লিষ্ট লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৬-৭ বজাৰ ভিতৰত নিৰ্যাতন কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সেইদিনা টিউচনৰ অন্তত স্কুটাৰেৰে স্থানীয় মাৰৱা পাহাৰলৈ গৈছিল এগৰাকী কিশোৰ আৰু এগৰাকী কিশোৰী। তাৰ পৰা উভতি অহাৰ পথত এদল যুৱকে তেওঁলোকৰ বাট আগচি ধৰে। প্ৰথমে তেওঁলোকক বিভিন্ন প্ৰশ্ন কৰা হৈছিল। তাৰ পিছত মাৰপিট আৰম্ভ হয়। কাতৰ অনুৰোধ কৰিও কোনো ধৰণৰ সকাহ নাপালে কিশোৰীগৰাকীয়ে। অভিযোগ উত্থাপন হৈছে যে যুৱককেইজনে প্ৰহাৰ কৰাৰ লগতে ছোৱালীজনীক নিৰ্যাতন চলাইছিল। এই ঘটনাৰ ভিডিঅ’ আৰু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। সোমবাৰে বিষয়টো পোহৰলৈ অহাৰ লগে লগে অভিযুক্তক বিচাৰি উলিয়াবলৈ তালাচী আৰম্ভ কৰা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক। পলাতক হৈ আছিল ‘মূল’ অভিযুক্ত নন্দন যাদৱ। মঙলবাৰে পুৱাৰ ভাগত আৰক্ষীৰ সৈতে হোৱা ‘এনকাউণ্টাৰ’ত গুলীবিদ্ধ হয় তেওঁ।













