
অভিযান্ত্ৰিকৰ ছাত্ৰ চাহিল ৱাকোদৰ (যাক আৰক্ষীয়ে প্ৰথমে ‘আত্মহত্যা’ বুলি চিনাক্ত কৰিছে) মৃত্যুক লৈ আইআইটি বম্বে কেম্পাছত ক্ৰমাৎ আন্দোলন বৃদ্ধি পাইছে। এই ঘটনাত অভিযুক্ত নিলম্বিত অধ্যাপক তথা ‘প্ৰশাসনিক পৰিক্ৰমা বিভাগৰ ডীন’ সূৰ্য্যনাৰায়ণ দুল্লাৰ শাস্তি বিচাৰি ইতিমধ্যে কেম্পাছত ছাত্ৰ-ছাত্ৰীৰ এটা অংশই প্ৰতিবাদ আৰম্ভ কৰিছিল। এইবাৰ তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে শিক্ষানুষ্ঠানৰ শিক্ষক সন্মিলন। ইয়াৰ লগতে গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা অংশও দুল্লাৰ কাষত থিয় দিছে।
আইআইটি বম্বেৰ ফেকাল্টী ফ’ৰামে সোমবাৰে দাবী কৰে যে অধ্যাপক দুল্লাই শিক্ষানুষ্ঠানৰ নিয়ম অনুসৰি পৰীক্ষা নিৰীক্ষক হিচাপে নিজৰ কৰ্তব্য পালন কৰি আছে। পৰীক্ষাত সংঘটিত হোৱা অনিয়ম বা অসৎ কাম-কাজৰ বিষয়ে তেওঁ যথাযথভাৱে কৰ্তৃপক্ষক জনাইছিল। ন্যায্য আৰু নিৰপেক্ষ তদন্ত নোহোৱালৈকে দুল্লাৰ বিৰুদ্ধে থকা নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ ফেকাল্টী ফ’ৰামে দাবী জনাইছে। দুল্লাক ‘শক্তি বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ’ৰ অধীনত থকা তেওঁৰ নিজৰ ‘পাৱাৰ ইঞ্জিনিয়াৰিং লেবৰেটৰী’ৰ গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও সহায় কৰিছে। লগতে নিলম্বন প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছে।
উল্লেখ্য যে ১৮ ছেপ্টেম্বৰত আইআইটি বম্বেৰ শক্তি বিজ্ঞানৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাহিলৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছিল তেওঁৰ হোষ্টেলৰ কোঠাত। চাহিলৰ পৰিয়াল আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ অভিযোগ যে পৰীক্ষাগৃহত পহৰা দি থকাৰ সময়ত আৰু যোৱা কেইমাহমান ধৰি অধ্যাপক দুল্লাই বাৰে বাৰে বৰ্ণ বৈষম্যমূলক মন্তব্য কৰি চাহিলক ভাবুকি দিছিল, যাৰ বাবে চাহিলে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। চাহিলৰ মৃত্যুৰ পিছত আইআইটি বম্বে কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি দাবী কৰে যে শুকুৰবাৰে ছাত্ৰজনে মোবাইল ফোন লৈ পৰীক্ষা হলত প্ৰৱেশ কৰিছিল। তেওঁ ChatGPT খুলি গোটেই প্ৰশ্নকাকতখন তাত আপলোড কৰিছিল। তাৰ পৰা উত্তৰ সংগ্ৰহ কৰি লিখি আছিল। এই প্ৰক্ৰিয়াত তেওঁক পৰীক্ষাগৃহত ভাৰপ্ৰাপ্ত অধ্যাপকজনে হাতে-লোটে ধৰে। ইয়াৰ পিছত বিভাগৰ মুৰব্বীয়ে তেওঁৰ লগত কথা পাতে।

আইআইটি কৰ্তৃপক্ষৰ বিবৃতিত দাবী কৰা হৈছে যে এই ঘটনাই ছাত্ৰজনৰ কেৰিয়াৰত কোনো প্ৰভাৱ নপৰে বুলি অধ্যাপকসকলে আশ্বাস দিছে। কিন্তু পৰীক্ষাৰ কেইঘণ্টামানৰ ভিতৰতে হোষ্টেলৰ কোঠাৰ পৰা চাহিলৰ মৃতদেহ উদ্ধাৰ হয়। তেতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ এটা অংশই কৰ্তৃপক্ষৰ আচৰণ আৰু ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি ১৮ দফীয়া দাবী উত্থাপন কৰি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰে। ধাৰাবাহিক প্ৰতিবাদৰ অন্তত কৰ্তৃপক্ষই প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত বহিবলৈ সন্মত হয়। সোমবাৰে পুৱা আইআইটি বম্বে কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি পূৰ্বৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰে। পোষ্টটোত তেওঁলোকে লিখিছে, “চাহিলৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ পূৰ্বৰ বক্তব্যত দিয়া সকলো মন্তব্যৰ বাবে আমি ক্ষমা বিচাৰিছোঁ।”
বিবৃতিটোত কোৱা হৈছে যে চাহিলৰ মৃত্যুৰ তদন্ত অব্যাহত আছে। তেওঁৰ মৃত্যুৰ আগৰ পৰিঘটনাসমূহৰ সবিশেষ ৰাজহুৱা কৰা উচিত নাছিল। এই ঘটনাৰ অভিযোগ উত্থাপন হোৱা অধ্যাপক দুল্লাক ‘প্ৰশাসনিক পৰিক্ৰমা বিভাগৰ ডীন’ পদৰ পৰা অপসাৰণ আৰু নিলম্বন কৰাৰ কথাও ঘোষণা কৰে আইআইটি বম্বে কৰ্তৃপক্ষই। উল্লেখ্য যে প্ৰতিবাদকাৰীৰ ১৮টা দাবীৰ ভিতৰত এটা আছিল চাহিলক ৰাজহুৱাভাৱে ‘বদনাম’ কৰাৰ বাবে কৰ্তৃপক্ষই ক্ষমা খুজিব লাগে। আইআইটি বম্বেয়ে সেই দাবী মানি লৈছিল। সম্প্ৰতি এই গোচৰৰ তদন্ত মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ হাতত। ‘পাৱাৰ ইঞ্জিনিয়াৰিং লেবৰেটৰী’ৰ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে দাবী কৰে যে অধ্যাপক দুল্লা শৈক্ষিক অনুশাসনৰ ক্ষেত্ৰত অতি কঠোৰ। কেতিয়াবা তেওঁৰ কথা কোৱাৰ শৈলী অলপ কঠোৰ যেন লাগিব পাৰে, কিন্তু তেওঁ কেতিয়াও কাৰো প্ৰতি অন্যায় বা পক্ষপাতিত্ব নকৰে।











