
বিহাৰৰ জামুইত এগৰাকী কিশোৰীক হাৰাশাস্তি আৰু নিৰ্যাতনৰ ঘটনাত নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, কিশোৰীগৰাকীয়ে টিউচন সম্পূৰ্ণ কৰি বন্ধুৰ সৈতে ফটো উঠিবলৈ মাৰৱা পাহাৰলৈ গৈছিল। বন্ধুৰ সৈতে স্কুটাৰেৰে তালৈ গৈ পাহাৰৰ চাৰিওফালে দুয়োজনে ফটো উঠিছিল। উভতি অহাৰ পথত এদল যুৱকে তেওঁলোকৰ বাট বন্ধ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰ-কিশোৰী দুগৰাকী উভতি অহাৰ পথত কি হৈছিল তাৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে।
এজন আৰক্ষী বিষয়াই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, ছাত্ৰ-ছাত্ৰী দুগৰাকী যোৱা অঞ্চলটো জামুই চহৰৰ পৰা অলপ দূৰৈত। জামুই আৰু লক্ষ্মীছাৰা সংযোগী পথৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত পাহাৰখন। আৰক্ষী বিষয়াজনে কয় যে পাহাৰৰ পৰা সূৰ্যাস্তৰ দৃশ্য বৰ ধুনীয়া দেখি। সেই সূৰ্যাস্তৰ ফটো তুলিবলৈয়ে হয়তো দুয়ো পাহাৰলৈ গৈছিল। ফটো তুলি পাহাৰৰ পৰা উভতি অহাৰ সময়ত তেওঁলোক এদল যুৱকৰ ‘মৰেল পুলিচিঙ’ৰ বলি হয় । প্ৰায় সাত-আঠজন লোকে তেওঁলোকক ঘেৰি ধৰে। তেওঁলোকে হাতযোৰ কৰি এৰি দিবলৈ অনুৰোধ কৰিলেও ফল নিদিলে । কিশোৰজনক মাৰপিট কৰে। কিশোৰীগৰাকীকো নিৰ্যাতন চলোৱাৰ অভিযোগ।

সেইদিনা সঠিকভাৱে কি হৈছিল তাৰ তদন্তৰ বাবে ইতিমধ্যে এছআইটি গঠন কৰা হৈছে। ইয়াৰ নেতৃত্বত আছে জামুই মহকুমা আৰক্ষী বিষয়া দীপ্তী মনালি। ঘটনাৰ ভিডিঅ’ ফুটেজ চাই ইতিমধ্যে তদন্তকাৰীয়ে ৭ জন লোকক চিনাক্ত কৰিছে। ইতিমধ্যে ইয়াৰে তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিবেদন অনুসৰি, তিনিওজনেই নাবালক। বাকী অভিযুক্তসকলৰ সন্ধানো চলি আছে।
যোৱা শনিবাৰে সন্ধিয়াৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু সোমবাৰে পুৱাৰে পৰা সমগ্ৰ দেশতে উত্তাল পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰে এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে যুৱকসকলৰ ওচৰত বাৰে বাৰে ক্ষমা বিচৰা দেখা গৈছে। সেই অঞ্চললৈ আৰু কেতিয়াও নাযায় বুলিও প্ৰতিশ্ৰুতি দিয়া শুনা যায়। ইয়াৰ মাজতে দুই-এজন যুৱকে হুলস্থুল আৰম্ভ কৰে। কিশোৰ-কিশোৰীক ধৰি বিয়া পাতি দিব লাগে বুলি ক’বলৈ আৰম্ভ কৰে। ভিডিঅ’ত দেখা গৈছে যে এজন যুৱকে মুখ ঢাকি ছোৱালীজনীক অশ্লীলভাৱে স্পৰ্শ কৰিছে।
আৰক্ষীয়ে দাবী কৰিছে যে দেওবাৰলৈকে এই ঘটনাত ছোৱালীজনীৰ পৰিয়ালে কোনো অভিযোগ দাখিল কৰা নাছিল। আৰক্ষীয়ে ভিডিঅ’টো চাই অভিযুক্তক চিনাক্ত কৰে। পিছত আৰক্ষীৰ এডিজি (আইন আৰু শৃংখলা) কে এছ অনুপমে জনোৱা মতে, যোৱা দেওবাৰে নিশা ছোৱালীজনীয়ে পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে। তাৰ পিছত তেওঁৰ পিতৃয়ে সোমবাৰে থানাত লিখিত এজাহাৰ দাখিল কৰে।











