ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

নিউজ ডেস্কঃ

News Desk by News Desk
August 7, 2026
Reading Time: 1 min read
A A
0
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal | ASSAM TIMES POST

যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Question paper leak) কৰাটো হত্যাতকৈও ভয়ানক অপৰাধ (crime more terrible than murder)। এই ধাৰণা ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ (Chhattisgarh High Court)। ইয়াৰ সৈতে জড়িত এটা গোচৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া (Retired IAS officer)ক গ্ৰেপ্তাৰ (Arrest) কৰা হৈছে। তেওঁৰ জামিন আবেদন নাকচ কৰে আদালতে। প্ৰশ্নকাকত ফাদিল হোৱাটোক কিয় ‘হত্যাতকৈও ভয়াৱহ অপৰাধ’ বুলি কোৱা হৈছে সেই কথাও ন্যায়াধীশসকলে ব্যাখ্যা কৰিছে।

নীট (NEET) প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ইতিমধ্যে সমগ্ৰ দেশত উত্তেজনাৰ সৃষ্টি হৈছে। চিবিআয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। শেহতীয়াকৈ ৯৪ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে। নীট প্ৰশ্নকাকত ফাদিল আন্দোলনৰ হেঁচাত ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। ছত্তীশগড় আৰু ঝাৰখণ্ডতো এনে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ ভিতৰত বহুতে আইএএছ বিষয়াজনৰ জামিন আবেদন নাকচ কৰা ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ এই পৰ্যবেক্ষণক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।

২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। চিবিআয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত আইএএছ জীৱন কিশোৰ ধ্ৰুৱক প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। যদিও তেওঁ এতিয়া অৱসৰ গ্ৰহণ কৰিছে, তথাপিও তেওঁ সেই সময়ত চিজিপিএছচিৰ সচিব আছিল। অভিযোগ অনুসৰি, সেই সময়ত তেওঁৰ পুত্ৰই পিএছচি উত্তীৰ্ণ হৈ অতিৰিক্ত জিলা দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে পিতৃয়ে নিজেই পৰীক্ষাৰ প্ৰশ্নকাকত পুত্ৰক দিছিল।

bail | ASSAM TIMES POST
হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে জীৱন কিশোৰে। তেওঁ দাবী কৰে যে তেওঁ সেই সময়ত পিএছচিৰ সচিব আছিল বাবেই তেওঁক লক্ষ্য কৰি লোৱা হৈছে। এই যুক্তিৰ ওপৰত তেওঁ ছত্তীশগড় উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল। যোৱা ৩১ জুলাইত শুনানিৰ অন্তত ন্যায়াধীশ বিভুদত্ত গুৰুৱে গোচৰৰ ৰায়দান স্থগিত ৰাখিছিল। বুধবাৰে এই ৰায় ঘোষণা কৰি জামিন আবেদন নাকচ কৰা হয়।

আদালতে পৰ্যবেক্ষণ কৰে যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বা ফাদিল কৰিবলৈ চেষ্টা কৰাসকলে লাখ লাখ চাকৰি প্ৰত্যাশীৰ ভৱিষ্যত আৰু কেৰিয়াৰৰ সৈতে অন্যায় কৰি আছে। এনে অপৰাধ হত্যাতকৈও ভয়ানক। কাৰণ, কাৰোবাক হত্যা কৰিলে এটা পৰিয়ালত প্ৰভাৱ পৰে। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাটোৱে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ ধ্বংস কৰে। যিয়ে পৰোক্ষভাৱে সমাজত প্ৰভাৱ পেলায়। গতিকে আইএএছ বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগক সাধাৰণ বুলি চাব নোৱাৰি বুলি আদালতে কয়।

অভিযোগ অনুসৰি, ২০২১ চনৰ পিএছচি মেইনছ পৰীক্ষাৰ পূৰ্বে জীৱন কিশোৰে পুত্ৰৰ হাতত প্ৰশ্নকাকত গতাই দিছিল। তেওঁৰ পুত্ৰই পৰীক্ষাত অহা প্ৰশ্নবোৰ চাৰিটা ঘৰত অনুশীলন কৰিছিল, চিবিআয়ে আদালতত তাৰ প্ৰমাণ দেখুৱাইছিল। ঘৰৰ তালাচীৰ সময়ত কেইবাটাও নথি-পত্ৰ উদ্ধাৰ হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NEETpaperleakcase
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d