
কাৰ্বি আংলঙ জিলাৰ উত্তৰ বৰবিলত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । জন্মদাতা পিতৃক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই ।উত্তৰ বৰবিল বজাৰৰ শনি মন্দিৰৰ সমুখতে সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ড। পাচলি বিক্ৰী কৰি থকা অৱস্থাতে দেউতাকৰ ওপৰত উপৰ্যুপৰি দাৰে আক্ৰমণ পুত্ৰৰ ।

এক জঘন্য আৰু মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ হাওৰাঘাট । উত্তৰ বৰবিল বজাৰত সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ড, যিয়ে মানৱ সমাজক পুনৰ এবাৰ লজ্জানত কৰিছে ।
প্ৰাপ্ত খবৰ অনুসৰি, এখন পাচলিৰ দোকান চলাই থকা দুৰ্ভগীয়া পিতৃ হৰি মজুমদাৰক বজাৰৰ মাজতে অতি নৃশংসভাৱে হত্যা কৰে নিজ পুত্ৰ বাদল মজুমদাৰে । কোনো কথাৰ অমিল হোৱাৰ বাবেই পাষণ্ড পুত্ৰই এখন চোকা দাৰে দেউতাকক লক্ষ্য কৰি উপৰ্যুপৰি ঘাপ মাৰিবলৈ ধৰে ।
পুত্ৰৰ দাৰ ঘাপত থিতাতে প্ৰাণ হেৰুৱায় পিতৃ হৰি মজুমদাৰে । এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । ঘটনাৰ খবৰ পাই ইতিমধ্যে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও অস্পষ্ট।













