
বৰপেটাৰোডৰ এখন গহনাৰ দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে লক্ষাধিক টকাৰ সোণ। জুৱেলাৰী প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীৰ চকুত ধূলি মাৰি দুই প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ। এই সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে।

ঘটনাটো সংঘটিত হৈছে বৰপেটাৰোডৰ দুৰ্গাবাড়ি ৰোডত থকা এছ কে জুৱেলাৰ্ছ নামৰ গহনাৰ প্ৰতিষ্ঠানখনত। দিন দুপৰতে গ্ৰাহকৰ চলেৰে অহা দুই ৫০ ঊৰ্ধ্বৰ ব্যক্তিয়ে গহনাৰ দোকানখনত প্ৰৱেশ কৰি প্ৰথমে কৰ্মচাৰীৰ পৰা ৰূপৰ মুদ্ৰা বিচাৰে।
ৰূপৰ মুদ্ৰা ক্ৰয় কৰি উঠি প্ৰৱঞ্চক দুটাই ২ গ্ৰামৰ সোণৰ মুদ্ৰা মন্দিৰত দান কৰাৰ কথা উল্লেখ কৰি সোণৰ মুদ্ৰা বিচাৰে। কিন্তু কৰ্মচাৰীয়ে সোণ উলিয়াই দিয়াৰ পিছতে দুই প্ৰৱঞ্চকে অতি কৌশলেৰে কৰ্মচাৰীৰ চকুত ধূলি দি প্ৰায় ৩৬ গ্ৰাম সোণ লৈ উধাও হয়। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।











