ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

News Desk by News Desk
November 6, 2026
Reading Time: 1 min read
A A
0
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

RELATED POSTS

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

Assam Rifles I অসম ৰাইফলছত ভুৱা নিযুক্তি, টকা লৈ ধৰা পৰিল এজন

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

New Logo Smal 1 | ASSAM TIMES POST

গুৱাহাটী, ৬ নৱেম্বৰঃ ভাৰতৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ (Bhupen Hazarika) জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা।

Bhupen Hazarika
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান:

সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীৰ লগতে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানতে প্ৰখ্যাত সংগীতশিল্পী ঊষা মংগেশকাৰক প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰাৰ কথা।

অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিশেষ পৰ্টেল মুকলি

সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা লোকসকলৰ সুবিধাৰ বাবে এটা বিশেষ অনলাইন পৰ্টেল মুকলি কৰা হৈছে। এই পৰ্টেলৰ জৰিয়তে ই-নিমন্ত্ৰণী পত্ৰ লাভ কৰিব পাৰিব আগ্ৰহী লোকসকলে।

অৱশ্যে সাধাৰণ অংশগ্ৰহণকাৰীৰ নতুন দিল্লীলৈ অহা-যোৱাৰ খৰচ অসম চৰকাৰে বহন নকৰে। অংশগ্ৰহণ কৰিব বিচৰা লোকসকলে নিজাববীয়াকৈ যাতায়াতৰ ব্যৱস্থা কৰিব লাগিব।

আনহাতে, অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসমৰ ১ হাজাৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীক নিয়াৰ ব্যৱস্থা কৰা হৈছে। এই ছাত্ৰ-ছাত্ৰীসকলৰ অহা-যোৱাৰ খৰচ অসম চৰকাৰে বহন কৰিব।

এহেজাৰ শিল্পীৰ সমবেত কণ্ঠত সুধাকণ্ঠৰ অমৰ গীত

জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰথম পৰ্যায়ত ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰা এহেজাৰ শিল্পীয়ে সামৰণি অনুষ্ঠানতো সমবেত সংগীত পৰিৱেশন কৰিব।

অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে অসমৰ তৰালি শৰ্মা, জুবিন বৰুৱা, নাহিদ আফ্ৰিন, আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু দীক্ষু শৰ্মাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।

অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজিৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি পাঁচ মিনিটৰ এটা বিশেষ দৃশ্য-শ্ৰাব্য অনুষ্ঠান থাকিব। এই অনুষ্ঠানৰ চিত্ৰনাট্য প্ৰস্তুতৰ সৈতে অনুৰাগ শইকীয়া জড়িত আছে।

সামৰণি অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ তত্ত্বাৱধানত এখন সমিতি গঠন কৰা হৈছে। অনুষ্ঠানলৈ বিভিন্ন দল-সংগঠনকো নিমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰা হৈছে।

ড° ভূপেন হাজৰিকাৰ সংগীত, মানৱতাবাদী চিন্তা আৰু সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ উদ্দেশ্যে এই বিশেষ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান২৯ নৱেম্বৰত নতুন দিল্লীত
Share4Tweet3Send

Related Posts

শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

by News Desk
November 6, 2026
50
Guwahati murder case I গুৱাহাটী মহানগৰীত আন এক হত্যাকাণ্ড, জুৱাখেলৰ বাবেই মৰিয়াই হত্যা যুৱকক
Assam

Assam Rifles I অসম ৰাইফলছত ভুৱা নিযুক্তি, টকা লৈ ধৰা পৰিল এজন

by News Desk
November 5, 2026
51
Drugs Seized : কাৰ্বি আংলং জিলাৰ মাঞ্জাত হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ ২
Assam

বিশ্বনাথ আৰক্ষীৰ অভিযানত এজন কিশোৰ আৰু তিনি গৰাকী কিশোৰী উদ্ধাৰ, দুজনক আটক

by News Desk
November 5, 2026
54
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ৰাজ্যৰ পাঁচটা স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এজন নিহত, কেইবাজনো আহত

by News Desk
November 5, 2026
54
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ
Assam

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পাদন নহয় ঘনকান্ত গগৈৰ

by News Desk
November 4, 2026
51
খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে
Assam

খুড়াকৰ অত্যাচাৰত পাঠদান বন্ধ কৰি দিলে নৱম শ্ৰেণীৰ কিশোৰীয়ে

by News Desk
November 3, 2026
50
ADVERTISEMENT
SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

November 6, 2026
50
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

November 6, 2026
50
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
Assam

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

November 6, 2026
50
Union Minister Amit Shah Reaffirms Government’s Dedication to Mizoram’s Progress at Assam Rifles HQ Relocation Ceremony
National-International

Amit Shah I বিতৰ্ক বিচাৰে যদি সংসদলৈ আহক, বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু: ৰাহুল গান্ধীক প্ৰত্যাহ্বান অমিত শ্বাহৰ

November 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

November 6, 2026
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

November 6, 2026
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

November 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d