
কাছাৰৰ কাটিগড়া তেলিটিকৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। নাবালিকাক বিয়া কৰিবলৈ ছোৱালীৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ লম্পট খুড়াক অনুপম দাসৰ বিৰুদ্ধে। সম্পৰ্কীত নাবালিকা ভতিজীক বিয়া কৰোৱাৰ দাবীত খুড়াকৰ চৰম উদ্ভণ্ডালি। বিয়া দিবলৈ অমান্তি হোৱাত পৰিয়ালৰ লোকক দাৰে ঘপিয়াই হত্যা ভাবুকি দিয়ে অনুপম দাসে। লম্পট যুৱকক কৌশলেৰে ঘৰৰ ভিতৰতে বহুৱাই ৰাখি গোপনে কাটিগড়া আৰক্ষীক খবৰ দিয়ে কিশোৰীৰ মাতৃয়ে।
খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত অনুপম দাসক আটক কৰি থানালৈ লৈ যায়। দীৰ্ঘদিন ধৰি বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত নাবালিকাগৰাকীক প্ৰায়ে উত্যক্ত কৰি আহিছিল যুৱকজনে। যুৱকজনৰ নিৰন্তৰ অত্যাচাৰত অৱশেষত বিদ্যালয়লৈ যোৱাও বন্ধ কৰি দিবলৈ বাধ্য হয় কিশোৰীগৰাকী। এই ঘটনাক কেন্দ্ৰ কৰি কাটিগড়াৰ, তেলিটিকৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে অভিযুক্ত যুৱক।












