
নেপালত হিমালয়ৰ বুকুত এভাৰেষ্টৰ বেছকেম্পৰ কাষত দুখন হেলিকপ্টাৰৰ সংঘর্ষত মৃত্যু ভাৰতীয় পর্যটকৰ। নেপালৰ সংবাদ মাধ্যম ‘কাঠমাণ্ডু পোষ্ট’ৰ প্রতিবেদন অনুসৰি, নিহত ভাৰতীয় পর্যটকজনৰ নাম বসন্ত কুমাৰ বলৰামৰামাদু। আনহাতে, আহত হৈ হাস্পতালত চিকিৎসাধীন আৰু তিনিজন। মঙ্গলবাৰে পুৱা প্ৰায় ৯ বজাত (নেপালৰ স্থানীয় সময় অনুযায়ী) নেপালৰ সোলুখুম্বু জিলাৰ ফেৰিচে অঞ্চলত একে সময়তে অৱতৰণ কৰাৰ চেষ্টা কৰিছিল দুখন হেলিকপ্টাৰে। সেই সময়তে দুয়োখনৰ মাজত সংঘর্ষ হয়।
সংঘর্ষৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে। ভিডিঅ’ত দেখা গৈছে যে শুভ্ৰ বৰফেৰে আৱৰা পাহাৰৰ বুকুত অৱতৰণৰ সময়ত দুখন হেলিকপ্টাৰৰ মাজত সংঘর্ষ হৈছে। সংঘর্ষৰ পিছতেই দুয়োখন ছিটিকি মাটিত পৰে। নেপালৰ স্থানীয় প্রশাসনৰ সূত্র অনুসৰি, সংঘর্ষ হোৱা হেলিকপ্টাৰ দুখনৰ এখন ‘এয়াৰ ডাইনেষ্টি’ কোম্পানীৰ।

আনখন ‘ফিছটেল এয়াৰ’ৰ। দুর্ঘটনা সংঘটিত হোৱা অঞ্চলটো নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্রায় ২৫০ কিলোমিটাৰ দূৰৈত আৰু এভাৰেষ্টৰ বেছকেম্পৰ পৰা প্রায় ১৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।
জানিব পৰা মতে, ঘটনাস্থলীতেই মৃত্যু হৈছে ভাৰতীয় পর্যটকজনৰ। তেওঁ ‘ফিছটেল এয়াৰ’ কোম্পানীৰ হেলিকপ্টাৰখনত আছিল। দুর্ঘটনাত জখম হৈছে একেখন হেলিকপ্টাৰত থকা ভাৰতীয় মূলৰ নিউজীলেণ্ডৰ নাগৰিক শৈলেশকৃষ্ণ পেটেলৰ। তেওঁক কাঠমাণ্ডুৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছে। আনহাতে, হেলিকপ্টাৰ দুখনৰ দুই পাইলটৰো সামান্যভাৱে আঘাত লাগিছে। অৱশ্যে হেলিকপ্টাৰ দুখনত মুঠ কিমানজন লোক আছিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।












