
গোলাঘাট জিলাৰ ৰঙাঘড়া ঘাটৰ মৰঙিয়ালৰ হিতেশ্বৰ দাসৰ (২৬) বাংগালুৰত মৃত্যু! বাংগালুৰৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন। যুৱকজনৰ মৃত্যুৰ ৰহস্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। যুৱকজনৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰঙাঘড়া অঞ্চলত শোকৰ ছাঁ পেলাইছে। ঘৰখনত সৃষ্টি হৈছে কান্দোনৰ ৰোল। বহিঃৰাজ্যলৈ গৈ এনেদৰে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।













