
অন্য ধৰ্মৰ যুৱকৰ সৈতে কন্যাই বিবাহপাশত আবদ্ধ হোৱাৰ বাবে পিতৃয়ে গ্ৰহণ কৰিলে নিৰ্মম সিদ্ধান্ত। নিজৰ জীৱিত কন্যাৰ ফটোত পিন্ধালে বগা মালা। লগতে পুৰোহিত মাতি ধৰ্মীয় ৰীতি-নীতিৰে কৰিলে পিণ্ডদান।

কেৱল সিমানেই নহয়, শ্ৰাদ্ধ অনুষ্ঠানো সম্পন্ন কৰে। শিলচৰৰ পঞ্চানন শিৱবাড়ীত সংঘটিত হৈছে এই ঘটনা। কন্যাই ইছলাম ধৰ্ম গ্ৰহণ কৰা দ্বিতীয় বিবাহৰ বাবে এই নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰে এগৰাকী পিতৃয়ে। ইফালে এই ঘটনাক লৈ সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, হাইলাকান্দি জিলাৰ বিনয় শৰ্মাই দীৰ্ঘদিন ধৰি শিলচৰৰ মালুগ্রামত এটা ভাড়াঘৰত বসবাস কৰি আহিছে৷ আনহাতে, তেওঁৰ কন্যা বৈশালী শৰ্মাই প্ৰায় ১২ বছৰ পূৰ্বে এগৰাকী ৰাজস্থানী যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
তেওঁলোকৰ এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে। কিন্তু বিবাহৰ প্ৰথমাৱস্থাত তেওঁৰ কন্যাৰ বৈবাহিক জীৱন সুখৰ আছিল যদিও পৰৱৰ্তী সময়ত স্বামী-স্ত্ৰীৰ মাজত বিভিন্ন বিষয়ত অশান্তিৰ সৃষ্টি হোৱা বুলি পিতৃ বিনয় শৰ্মাই দাবী কৰে। ইয়াৰ পিছতে কন্যাই নিজৰ স্বামীক ৰাজস্থানত এৰি দুই সন্তানৰ সৈতে শিলচৰলৈ উভতি আহে৷
পিতৃয়ে অভিযোগ কৰা অনুসৰি, প্ৰায় পাঁচ বছৰমান পূৰ্বে বৈশালীয়ে সন্তান দুটিক পিতৃৰ সৈতে এৰি বেংগালুৰুলৈ গুচি যায়। ইয়াৰ মাজতে যোৱা বুধবাৰে পৰিয়ালটোৱে জানিব পাৰে যে বৈশালী শিলচৰলৈ উভতি আহিছে। লগতে জানিব পাৰে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰি শিলচৰৰ ইটখলা অঞ্চলৰ এজন মুছলিম যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
এই খবৰ লাভ কৰাৰ পিছতে পৰিয়ালটোৱে তীব্ৰ মানসিক আঘাত পায়। কিন্তু কন্যাৰ এই সিদ্ধান্ত কোনোপধ্যে মানি ল’ব পৰা নাছিল পিতৃ বিনয় শৰ্মাই। সেয়ে তেওঁ বজৰং দলৰ সৈতে যোগাযোগ কৰে। তাৰ পিছত শুকুৰবাৰে শিলচৰৰ পঞ্চানন শিৱবাড়ীত ধৰ্মীয় ৰীতি-নীতিৰে তেওঁৰ জীৱিত কন্যাৰ শ্ৰাদ্ধ সম্পন্ন কৰি কন্যাৰ ফটোত বগা মালা পিন্ধাই পিণ্ডদান কৰে।
এই সন্দৰ্ভত পিতৃ বিনয় শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে স্বামী আৰু দুই সন্তানক এৰি তেওঁ কন্যাই নিজৰ মতে সিদ্ধান্ত গ্ৰহণ কৰাটোৱে তেওঁক ইমানেই মানসিকভাৱে আঘাত দিছে যে কন্যাক মৃত বুলি ভাবিয়েই তেওঁ এই শ্ৰাদ্ধানুষ্ঠান সম্পন্ন কৰিছে। আনহাতে, ভৱিষ্যতে যাতে আন কোনো পৰিয়ালতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰো কামনা কৰে।












