
শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনেশাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ ভটীয়াপাৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ অভিযন্তাই।

নিহত যুৱকজন শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত কোঁৱৰপুৰ চাউলকৰা মগনা গাঁৱৰ প্ৰণৱ লাহনৰ পুত্ৰ আকাশ লাহন (২৬) বুলি জানিব পৰা গৈছে। তেওঁ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত আছিল।
প্ৰাপ্ত তথ্য অনুসৰি, ২০২৪ চনত নগাঁও জিলাৰ কলিয়াবৰ সংমণ্ডলত যোগদান কৰা আকাশ লাহনে দুৰ্গাপূজাৰ বন্ধত নিজৰ ঘৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। ঘৰ পাবলৈ মাত্ৰ প্ৰায় তিনি কিলোমিটাৰ বাকী থকা অৱস্থাতে তেওঁ মৃত্যুক সাবটি লয়।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, আকাশ লাহনে চলাই অহা মাৰুতি বাহনখনে পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰেইলাৰৰ পিছফালে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰেইলাৰখনৰ নম্বৰ হৈছে BR-28-GA-8088।













