
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কন্যা ছাইমা ৱাজেদ পুতুলে বিশ্ব স্বাস্থ্য সংস্থাৰ পদৰ পৰা পদত্যাগ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালিকা আছিল ছাইমা। ক্ষমতাৰ অপব্যৱহাৰ আৰু আৰ্থিক দুৰ্নীতিকে ধৰি কেইবাটাও অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। হাছিনাৰ কন্যাই অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰে।
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ভোটত ২০২৩ চনৰ নৱেম্বৰ মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ পৰ্যায়ৰ পদলৈ ছাইমা নিৰ্বাচিত হৈছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাই তেওঁক পাঁচ বছৰৰ বাবে দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালিকা হিচাপে নিযুক্তি দিয়ে। সেই বছৰৰ আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পিছত তেতিয়াৰ অন্তৱৰ্তীকালীন চৰকাৰখনে আৱামি লীগৰ নেতা-কৰ্মীৰ সৈতে ছাইমাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত বাংলাদেশৰ দুৰ্নীতি বিৰোধী আয়োগে হাছিনা আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০২৫ চনৰ জুলাই মাহত হুই ছাইমাক বিনা বেতনৰ ছুটীত প্ৰেৰণ কৰে। হাছিনাৰ কন্যাই পদত্যাগ নকৰালৈকে বিনা বেতনৰ ছুটীত আছিল।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, হুই চীন ভ্ৰমণৰ সময়ত হাছিনা আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। শৈক্ষিক অৰ্হতাৰ বিষয়েও ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই সকলো অভিযোগ নাকচ কৰি ছাইমাৰ অধিবক্তাই যোৱা ৩ জুলাইত বিশ্ব স্বাস্থ্য সংস্থালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰি হাছিনা আৰু তেওঁৰ কন্যাই বাংলাদেশৰ এটুকুৰা মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। পদত্যাগ পত্ৰত ছাইমাই সেই অভিযোগকো অস্বীকাৰ কৰি দাবী কৰে যে তেওঁ হুৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে মাটিখিনি অধিগ্ৰহণ কৰিছিল। হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰত প্ৰযোজ্য আইনৰ অধীনত মাটিৰ অধিকাৰ লাভ কৰা বুলিও দাবী কৰে।
ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে ছাইমাই তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছলৈ। পদত্যাগ পত্ৰত হাছিনা-কন্যাই গেব্ৰেইছাছৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা বুলি প্ৰকাশ কৰিছে। লগতে তেওঁৰ আৰ্থিক অৱস্থাৰ ওপৰত আলোকপাত কৰে। একে সময়তে ছাইমাই লিখিছে, “আপোনাৰ আদেশত মই প্ৰায় এবছৰ ধৰি বিনা বেতন বা সন্মানীয় ছুটীত আছোঁ। মোৰ আৰ্থিক অৱস্থা অসহনীয় হৈ পৰিছে। এই পৰিস্থিতিত মই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো।” হাছিনা-কন্যাই কয় যে তেওঁ আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰিছে।
দুটা সূত্ৰৰ উদ্ধৃতি দি ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, হাছিনা-কন্যাক আনুষ্ঠানিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল। এটা সূত্ৰই দাবী কৰিছে যে ১২ অক্টোবৰত ছাইমাৰ নিযুক্তিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মনোনয়ন আহ্বান জনাইছিল। ডিচেম্বৰ মাহত মনোনয়ন পৰীক্ষা হোৱাৰ পিছত ২৪ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাও আছে বুলি দাবী কৰিছে। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালকৰ পদটো যথেষ্ট গুৰুত্বপূৰ্ণ। এই পদত থকা ব্যক্তিজনে হুৰ হৈ সংশ্লিষ্ট ক্ষেত্ৰত স্বাস্থ্য বজাই ৰখা আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে। এই সঞ্চালকসকলক সদস্য ৰাষ্ট্ৰৰ ভোটত পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। যেনেকৈ হাছিনা-কন্যা নিৰ্বাচিত হৈছিল।













