
বোকাজানত সংঘটিত হৈছে এক কৰুণ ঘটনা। কেৱল কৰুণে নহয়, হৃদয়বিদাৰকো। পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি। বোকাজান থানাৰ অন্তৰ্গত বৰমান্থি গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে আবেলিৰ পৰা শিশুকেইটা সন্ধানহীন হৈ আছিল। পৰিয়াল তথা স্থানীয় লোকে কিশোৰকেইজনৰ সন্ধানত কেউফালে বিচাৰ-খোচাৰ কৰে যদিও তেওঁলোকৰ সন্ধান পোৱা নাছিল৷ পিছত গধূলি গাঁওখনত থকা এটা বৃহৎ পুখুৰীৰ পাৰত তেওঁলোকৰ পিন্ধা কাপোৰ একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিছত স্থানীয় লোকে কিশোৰকেইজন পুখুৰীৰ পানীত ডুব যোৱাৰ সন্দেহ কৰে। লগে লগে স্থানীয় লোকে পুখুৰীটোত সন্ধান অভিযান আৰম্ভ কৰে।

অৱশেষত নিশা শিশুকেইটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ তাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। নিহত শিশুকেইটা বৰমান্থি গাঁৱৰ সুজিত গড়, গণেশ মেচ আৰু ৰোহিত পানিকা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বয়স ৭-৯ বছৰৰ ভিতৰত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷













