
সমগ্ৰ ৰাজ্যজুৰি আজি উদযাপন কৰা হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। অসমৰ লগতে দেশ তথা বিদেশতো এই উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংগীতৰ প্ৰতি তেওঁৰ অৱদানক স্মৰণ কৰাৰ লগতে ভূপেন হাজৰিকাই সমগ্ৰ দেশলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আত্মা লৈ গৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভূপেন হাজৰিকাৰ কণ্ঠই সমগ্ৰ দেশলৈ অসমৰ আত্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চেতনাক লৈ গৈছিল। মোদীয়ে লগতে ১০০ বছৰীয়া জন্মজয়ন্তীত ভূপেন হাজৰিকাক স্মৰণ কৰা বুলি উল্লেখ কৰি কয় যে তেওঁ সংগীতৰ জৰিয়তে অগণন লোকৰ চিন্তা আৰু আত্মাৰ প্ৰতিফলন ঘটাইছিল। তেওঁৰ গীতে মানুহক ওচৰ চপাই আনিছিল বুলিও উল্লেখ কৰে।

উল্লেখ্য যে যোৱা বছৰ গুৱাহাটীত আয়োজিত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। সেই কথা স্মৰণ কৰি মোদীয়ে কয় যে যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে। তেওঁ লগতে ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে।











