![]()
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান ।দুৰ্গোৎসৱৰ সময়তে দুধৰ্ষ ডকাইত গেংৰ ৪ ডকাইত পৰিল বশিষ্ট আৰক্ষীৰ জালত ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুবৰ আলি ওৰফে চুবৰ ডকাইত , বাহাৰুল ইছলাম , ইমৰান হুছেইন , ৰবিউল হুছেইন ।চাৰি অভিযুক্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে AS18 D0047 এখন EON বাহন ।

বাহনখনেৰে পুৱা তন্ন তন্নকে পৰীক্ষা কৰে মানুহ নথকা ঘৰ অথবা ফ্লেট। ডকাইত গেংৰ টাৰ্গেট বয়োজ্যেষ্ঠ ব্যক্তি থকা ঘৰ।হাতত থকা L আকৃতিৰ হুইল স্পেনাৰ আৰু আইৰণ ৰডেৰে খুলি পেলাই দুৱাৰ ।
আৰক্ষীয়ে ডকাইত গেংৰ পৰা জব্দ কৰিছে নগধ ধন ৪৫ হাজাৰ টকা লগতে ৮টা মোবাইল ফোন ।মুখ ঢাকিবলৈ গেংটোৱে ব্যৱহাৰ কৰে কলা মাস্ক , বগা ৰুমাল আৰু গামোছা।চক্ৰটোৰ মাষ্টাৰ মাইণ্ড চুবুৰ আলি।বিভিন্ন চুৰি ডকাইতি গোচৰত ১০ বাৰকৈ জেলৰ ভাত খাইছে চুবুৰে।










